নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট আৰক্ষীৰ জালত জালনোট ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে নকল মুদ্ৰাৰ অবাধ ব্যৱসায়। দুষ্ট চক্ৰই সকলোৰে চকুত ধূলি দি চলাই নিছে এই ব্যৱসায়। কিন্তু আজি নকল টকা দি এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বস্তু ক্ৰয় কৰিবলৈ ধৰোতেই আৰক্ষীৰ জালত পৰে এজন জালনোট ব্যৱসায়ী।

নকল মুদ্ৰা প্ৰচলনৰ ভয়ংকৰ কৌশল ৰচনা কৰিছে এচাম কুখ্যাত ব্যৱসায়ীয়ে । এনে এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে গোলাঘাটত। গোলাঘাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই জাল নোট ব্যৱসায়ীক। হিফজুৰ ৰহমান আৰু ফুৰকান আলীক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । ৩১ হাজাৰ টকাৰ ২০০ টকীয়া জালনোট সহ গ্ৰেপ্তাৰ দুই কুখ্যাত অপৰাধীক।

জানিব পৰা মতে, নগাঁৱৰ ফুৰকান আলী নামৰ লোকজনে হিফজুৰ ৰহমানক ২০০ টকীয়া ৩১ হাজাৰ নকল মুদ্ৰা প্ৰদান কৰিছিল আৰু নগাঁৱৰ হিফজুৰে গোলাঘাটৰ ৰঙাজানৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত নকল টকাৰে সামগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা চলাওতেই ব্যৱসায়ীৰ চোকা দৃষ্টিত নকল মুদ্ৰাৰ বুলি সন্দেহ কৰি গোলাঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে হিফজুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই নগাঁৱৰ পৰা ফুৰকান আলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে । আৰক্ষীৰ তদন্তৰ পিছতেহে ওলাব এই নকল মুদ্ৰা প্ৰচলনৰ প্ৰকৃত উৎস।

You might also like