নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ীত বান্ধৱীৰ সন্মুখতেই যুৱতীক ধৰ্ষণ, ২ বন্ধুৰ নামত FIR

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ এগৰাকী ২১ বছৰীয়া যুৱতীক জন্মদিনৰ পাৰ্টিৰ পৰা উভতি যাওঁতে ধৰ্ষণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। ঘটনাটো ঘটিছে দক্ষিণ কলকাতাত। মহেশতলাৰ বাসিন্দা যুৱতীগৰাকী জাডবপুৰৰ পৰা বিক্ৰমগড়লৈ ঘূৰি আহি আছিল। লগত আছিল দুই বন্ধু। তেওঁলোকৰ সৈতে আন এগৰাকী যুৱতীও আছিল বুলি জনা গৈছে। দুজনলোকে গাড়ীতে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ জাডবপুৰ থানাত দাখিল কৰা হৈছে।

উল্লেখ্য যে জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহি থকাৰ সময়তে এই ঘটনাটো সংঘতিত হয়। জানিব পৰা মতে বন্ধু তথা অভিযুক্ত দুজনৰ নাম ৰাজেশ ৰায় আৰু সৌৰভ ৰায়।

যুৱতীগৰাকীৰ অভিযোগ, দুজনেই তেওঁৰ শৰীৰৰ গোপন অংগত হাত দিছিল। তাৰপাছত সহায়ৰ বাবে মই চিঞৰিছিলোঁ। কিন্তু কোনো আগবাঢ়ি অহা নাছিল। ইপিনে তেওঁৰ লগত থকা আনগৰাকী যুৱতী বান্ধৱীয়েও বাধা দিয়া নাছিল বুলি অভিযোগ উঠিছে।

You might also like