মৰিয়নিত গণেশ মন্দিৰ কমিউনিটী হলৰ আধাৰশিলা স্থাপন ৰূপজ্যোতি কুৰ্মীৰ
বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ মৰিয়নি নগৰৰ ৬নং ৱাৰ্ডৰ গান্ধী নগৰত আজি এটা গণেশ মন্দিৰৰ কমিউনিটি হলৰ আধাৰশিলা স্থাপন কৰা হয়। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আগবঢ়োৱা অনিৰ্দ্ধাৰিত পুঁজিৰ পাঁচ লাখ টকাৰ অনুদানেৰে এই কমিউনিটি হলটো নিৰ্মান কৰা হ’ব। এই উপলক্ষ্যে অনুষ্ঠিত এক চমু অনুষ্ঠানত প্ৰস্তাৱিত নতুন ভৱনটোৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অনুষ্ঠানটোত ৬নং ৱাৰ্ডৰ পৌৰ সদস্যা কস্তুৰী আগৰৱালা গগৈ, ৭নং ৱাৰ্ডৰ পৌৰ সদস্যা চুমকি মজুমদাৰ দত্ত, বিজেপিৰ মৰিয়নি মণ্ডলৰ সম্পাদক চিবু দে, অনুসূচিত জাতি মৰ্চাৰ সভাপতি বৰ্ণালী বিশ্বাস, প্ৰাক্তন পৌৰসদস্যা ৰিজু চেতিয়া দাস প্ৰমুখ্যে বহুসংখ্যক লোক উপস্থিত থাকে। আধাৰশিলা স্থাপন কৰি বিধায়ক কুৰ্মীয়ে কয়- মৰিয়নি নগৰৰ ৬নং ৱাৰ্ডত স্থাপন কৰিবলৈ লোৱা এই কমিউনিটি হলটোৱে উক্ত অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে । তেওঁ লগতে কয়- মৰিয়নি নগৰৰ উন্নয়নৰ বাবে তেওঁ নিজা উদ্যোগত কেতবোৰ আঁচনি গ্ৰহণ কৰি আছে। সেই ক্ষেত্ৰত সকলো শ্ৰেণী ৰাইজৰ সহযোগিতা তেওঁ কামনা কৰে। প্ৰসংগক্ৰমে ৰাজ্য চৰকাৰে মৰিয়নি সমষ্টিৰ উন্নয়নৰ বাবে শেহতীয়াকৈ যথেষ্ট সাহায্য আগবঢ়োৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া