নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা বাদ্য প্ৰস্তুতত ব্যস্ত ঢকুৱাখনাৰ লাটুমণি বৰুৱা : সাজু ৪০০০ গগনা

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ঢোল-পেঁপাৰ মাতে গুঞ্জৰিত ৰাজ্যৰ আকাশ-বতাহ। ব্যস্ততাৰ অন্ত নাই কৃষিজীৱr অসমীয়াৰ মাজত। সমানে ব্যস্ত হৈ পৰিছে লোকবাদ্য নিৰ্মাণ কৰা থলুৱা শিল্পীসকল। ৰঙালী বিহু জীপাল কৰিবলৈ ঢোল পেঁপা আদি বাদ্যযন্ত্ৰত শেষ পৰশ দিয়াত ব্যস্ত বাদ্যশিল্পীসকল। ঢকুৱাখনাৰ নেওগঘুলিৰ লাটুমনি বৰুৱা নামৰ থলুৱা শিল্পীজন এতিয়া ব্যস্ত এটি বিশেষ কামত। ঢুলীয়া তথা সাংস্কৃতিক কৰ্মী লাটুমনি বৰুৱা প্ৰতি বছৰে মাঘ বিহুৰ সময়ৰে পৰা বহাগ বিহুলৈ ব্যস্ত হৈ পৰে পেঁপা, গগনা, ঢোলৰ মাৰি, কাকৈ বনোৱা কামত।বিগত ১৫ বছৰে এইজন থলুৱা শিল্পীয়ে পেঁপা, গগনা, ঢোলৰ মাৰি, কাকৈ বনাই এই বিহুৰ বাদ্য সমূহ বজাৰত বিক্ৰী কৰি আৰ্থিক ভাৱে লাভাৱান্বিত হোৱাৰ লগতে নতুন প্ৰজন্মৰ শিল্পী সকলকো উৎসাহিত কৰি আহিছে। সম্প্ৰতি বিহুৱতীৰ বাবে জানমণি- লাহৰী গগনা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে লাটুমনি। এইজন থলুৱা শিল্পীয়ে সাজি উলিওৱা জানমণি,লাহৰী, ৰামধন গগনাৰ সমান্তৰালকৈ মহৰ শিঙৰ পেঁপাই ঢকুৱাখনাৰ লগতে দাঁতি কাষৰীয়া মাজুলী, ধেমাজি আদিৰ গ্ৰাহকৰ সমাদৰ লাভ কৰি আহিছে।দৈনিক ২০-২৫টা লৈকে শিল্পীজনে সাজি উলিয়ায় গগনা। প্ৰতিটো বিহুৰ বতৰত লাটুমনিয়ে চাৰি হাজাৰ বিভিন্ন গগনা বিক্ৰী কৰে। বিভিন্ন ঠাইৰ ব্যৱসায়ী সকলে পাইকাৰী দৰত লাটুমনিৰ পৰা এই বাদ্যবোৰ নি ব্যৱসায় ব্যৱসায় কৰাৰ লগতে পেঁপা, গগনা ক্ৰয় কৰিবলৈ আহে বিভিন্ন প্ৰান্তৰ বিহুৱাসকলো। লাটুমনি বৰুৱাৰ সৃষ্টিৰাজিৰ জড়িয়তে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত থলুৱা লোকবাদ্য যন্ত্ৰৰ প্ৰতি আগ্ৰহ বঢ়াই তোলাত বিশেষ অৰিহণা যোগাইছে। নতুন প্ৰজন্মৰ বাবে নিশ্চয় এক আদৰ্শ হব পাৰে এইগৰাকী থলুৱা বাদ্যশিল্পী লাটুমনি বৰুৱা।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like