নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বিশ্রামস্থলীত পৰিণত কোটিটকীয়া বায়’ টয়লেট

বিশেষ বার্তা, ১২ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীক স্মার্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও স্মার্ট চিটীৰ সপোন বাস্তৱত কেতিয়া পৰিণত হ’ব সেয়া এক সাঁথৰ হৈ পৰিছে৷ গুৱাহাটী স্মার্ট চিটী প্রকল্পৰ অধীনত ইতিমধ্যে ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি মহানগৰখনত বিভিন্ন আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইতিমধ্যে ৰূপায়ণ কৰা কেইবাটাও স্মার্ট চিটীৰ প্রকল্প প্রহসনত পৰিণত হৈছে৷ বিশেষকৈ গুৱাহাটী স্মার্ট চিটী প্রকল্পৰ অধীনত ৰূপায়ণ কৰা বায়’ টয়লেটসমূহ সম্পূর্ণৰূপে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ বিভাগীয় কর্তৃপক্ষৰ চৰম অৱহেলাৰ বাবেই কোটি কোটি টকা ব্যয় সাপেক্ষে মহানগৰীৰ বিভিন্ন স্থানত ২০১৮ চনত স্থাপন কৰা ৩০টা বায়’ টয়লেটৰ অধিকাংশই বন্ধ হৈ পৰিছে৷ স্মার্ট চিটী প্রকল্পৰ অধীনত নির্মাণ কৰা বায়’ টয়লেট সমূহত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে চোৱা–চিতাৰ দায়িত্বত থকা প্রতিষ্ঠানটোৰ চূড়ান্ত গাফিলতিৰ বাবে বায়’ টয়লেটসমূহ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ গুৱাহাটীৰ নেহৰু পার্ক, ফুড ভিলা, পৰিবহণ বিভাগৰ কার্যালয়, পাণবজাৰ, ফাঁচী বজাৰ আৰু খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্রৰ সন্মুখৰ লগতে অন্যান্য স্থানত স্থাপন কৰা বায়’ টয়লেটসমূহ সম্পূর্ণৰূপে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ উল্লেখ্য যে প্রায় ৯.৫৩ কোটি টকা ব্যয় সাপেক্ষে মহানগৰীৰ বিভিন্ন স্থানত ৩০টা বায়’ টয়লেট স্থাপন কৰা হৈছিল৷ প্রতিটো স্থানত স্থাপন কৰা বায়’ টয়লেটৰ বাবদ ৩১ লাখৰো অধিক টকা ব্যয় কৰা হৈছিল৷ ২০১৮ৰ পৰা ২০২১বর্ষত নির্মিত এই বায়’ টয়লেটসমূহৰ অধিকাংশই এতিয়া ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ সেয়েহে বায়’ টয়লেটসমূহৰ অত্যাধুনিক যন্ত্রাংশ বিকল হৈ পৰাৰ উপৰি জিৰণি চ’ৰাত পৰিণত হৈছে৷ ইপিনে খানাপাৰা উৰণ সেতুৰ তলৰ লগতে আঞ্চলিক বিজ্ঞান কেন্দ্রৰ সন্মুখত দীর্ঘদিন ধৰি পৰি আছে কোটি টকীয়া স্মার্ট চিটী প্রকল্পৰ বায়’ টয়লেট৷ পথচাৰীৰ সুবিধার্থে নির্মাণ কৰা বায়’ টয়লেটসমূহ পুনৰ কার্যক্ষম কৰা হ’ব বুলি বিভাগীয় কর্তৃপক্ষই ঘোষণা কৰিছিল যদিও বিগত তিনি বছৰে এয়া কার্যকৰী হৈ উঠা নাই৷

You might also like