নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্কট চিনাক্ত-কোষ বিনাশৰ পথ উদ্ভাৱন ভাৰতীয় বিজ্ঞানীৰ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ কর্কট ৰোগ নিৰাময়ক লৈ আশাব্যঞ্জক হ’ব৷ ভাৰতীয় বিজ্ঞানীয়ে কর্কট চিনাক্ত আৰু কর্কট বিনাশৰ বাবে অভিনৱ পথ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ বিজ্ঞানীৰ এই সফলতাই কর্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত নতুন মাত্রা প্রদান কৰিব৷ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চ (আইআইএছচি)ৰ বিজ্ঞানীৰ দল এটাই হাইব্রিড নেন’পার্টিকুলছ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ জৰিয়তে কর্কট ৰোগ চিনাক্ত আৰু কর্কট ৰোগ বিনাশ কৰাৰ ক্ষেত্রত যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিব পাৰিব৷ বিজ্ঞানীৰ দলটোৱে চলোৱা গৱেষণাৰ এই যুগান্তকাৰী উদ্ভাৱনৰ প্রতিবেদন প্রকাশ পাইছে এচিএছ এপ্লাইড নেন’ মেটেৰিয়েলছত৷ প্রকাশিত প্রতিবেদন অনুসৰি সোণ আৰু কপাৰ ছালফাইডৰ সংমিশ্রণেৰে বিজ্ঞানীৰ দলটোৱে হাইব্রিড নেন’পার্টিকুলছ সৃষ্টি কৰিছে৷ ইয়াৰ দ্বাৰা তাপ ব্যৱহাৰ কৰি কর্কটৰ কোষ বিনাশ কৰিব পাৰি আৰু শব্দ তৰংগ ব্যৱহাৰ কৰি কর্কট চিনাক্ত কৰিব পৰা যাব৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চে বিবৃতিত প্রকাশ কৰা মতে প্রাৰম্ভতে চিনাক্তকৰণ আৰু চিকিৎসা কর্কটৰ বিৰুদ্ধে যুঁজৰ মূল৷ কপাৰ ছালফাইড নেন’পার্টিকুলছে পূর্বতে কর্কট চিনাক্ত কৰাৰ ক্ষেত্রত দৃষ্টি আকর্ষণ কৰিছে, সোণ নেন’পার্টিকুলছক ৰাসায়নিকভাৱে উন্নীত কৰি কর্কট কোষক লক্ষ্য কৰি লোৱা হৈছিল, যিয়ে কর্কটবিৰোধী প্রভাৱ দেখুৱাইছিল৷ শেহতীয়া অধ্যয়নত আইআইএছচিৰ বিজ্ঞানীৰ দলে দুয়োটা সংমিশ্রণ কৰি হাইব্রিড নেন’পার্টিকুলছলৈ উন্নীত কৰি কর্কট ৰোগ চিনাক্ত আৰু কর্কট কোষ বিনাশ কৰাৰ অভিনৱ পথ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ গৱেষণাত জড়িত আইআইএছচিৰ বিজ্ঞানী দলৰ অন্যতম অধ্যাপক জয়া প্রকাশে প্রকাশ কৰা মতে, এই পার্টিকুলছত ফটোথার্মেল, অক্সিডেটিভ ষ্ট্রেছ আৰু ফটোএকষ্টিক উৎস আছে৷ গৱেষণাত জড়িত পিএইচডি শিক্ষার্থী মাধৱী ত্রিপাঠী আৰু স্বাতি পদ্মনাভনে এই নতুন উদ্ভাৱন সন্দর্ভত কয় যে হাইব্রিড নেন’পার্টিকুলছৰ ওপৰত পোহৰ উজলি উঠে৷ ইয়ে পোহৰ শোষণ কৰে আৰু তাপ উৎপাদন হয়৷ যাৰ দ্বাৰা কর্কটৰ কোষ বিনাশ কৰিব পাৰি৷ নেন’পার্টিকুলছে ছিংলেট অক্সিজেন অণুও উৎপাদন কৰে, যিটো হৈছে কোষৰ বাবে বিহ৷ সম্প্রতি গৱেষকৰ দলটোৱে হাঁওফাঁওৰ কর্কট আৰু কণ্ঠনলীৰ কর্কটৰ চিকিৎসা গৱেষণাগাৰত চলাই সফল হ’বলৈ সক্ষম হৈছে৷ গৱেষকে এই পৰীক্ষা চিকিৎসা খণ্ডত ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে৷ লক্ষণীয় যে সোণ আৰু কপাৰ ছালফাইডৰ সংমিশ্রণেৰে সৃষ্টি কৰা হাইব্রিড নেন’পার্টিকুলছৰ আকাৰ ৮ এনএমতকৈও কম৷ যাৰ বাবে ইয়াক সহজতে কোষ আৰু টিউমাৰৰ ভিতৰত প্রৱেশ কৰি পৰীক্ষা–নিৰীক্ষা কৰিবলৈ সক্ষম হয়৷ বাংগালুৰুৰ আইআইএছচিৰ গৱেষকৰ বিজ্ঞানীৰ দলে কর্কট চিনাক্ত আৰু কর্কটৰ কোষ বিনাশ কৰাৰ বাবে উদ্ভাৱন কৰা নতুন পথে বিশ্বৰ চিকিৎসা বিজ্ঞানক নতুন গতি দিব৷

You might also like