নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰী ঘাটত জ্বলিল এছ বি চুকাফা

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ উজানবজাৰৰ কাছাৰী ঘাটত সংঘটিত এক অগ্নিকাণ্ডত এছ বি চুকাফা নামৰ জাহাজখন সম্পূর্ণৰূপে ভস্মীভূত হয়৷ মাজনিশা প্রায় ১২.৪০ বজাত ব্রহ্মপুত্রত ৰখাই থোৱা এছ বি চুকাফা নামৰ জাহাজখনত অগ্নিকাণ্ডৰ সূত্রপাত হয়৷ ইয়াৰ পিছতে জুইৰ লেলিহান শিখাই জাহাজখনক আগুৰি ধৰে৷ নিমিষতে জাহাজখন ভস্মীভূত হয়৷ অগ্নিকাণ্ডৰ সূত্রপাত হোৱা সময়ত জাহাজখনৰ ভিতৰত তিনিজনকৈ কর্মচাৰী আছিল৷ জুই লগাৰ পিছত পাপলু তির্কী, মজনুৰ আলী আৰু দিলীপ দাস নামৰ লোক তিনিজন বহু সময় ধৰি জাহাজখনত আবদ্ধ হৈ আছিল যদিও অগ্নিনির্বাপক বাহিনীৰ লোকে তিনিওজনকে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ প্রাথমিক তদন্তৰ অন্তত শ্বর্ট চার্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্রপাত হোৱা বুলি সন্দেহ প্রকাশ কৰিছে অগ্নিনির্বাপক বাহিনীয়ে৷

You might also like