নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু সুৰক্ষা সেনা, অসমৰ নলবাৰী জিলা সমিতি পুনৰ গঠন

অসমৰ অগ্রণী ৰাষ্ট্ৰবাদী ভাবাপন্ন জাতীয় সংগঠন হিন্দু সুৰক্ষা সেনা, অসমৰ নলবাৰী অলোকপুৰ গোপাল মন্দিৰৰ প্ৰাঙ্গণত এখন ৰাজহুৱা সভাৰ জৰিয়তে নলবাৰী জিলা সমিতি পুনৰ গঠন কৰা হয়।

নাওধন ডেকাৰ সভাপতিত্বত উক্ত সমিতি খন গঠন কৰা হ’য় সমিতিখনৰ মুখ্য উপদেষ্টা হিচাপে : বৈকুণ্ঠ কলিতা, উপদেষ্টাঃ নাওধন ডেকা, অনন্ত কলিতা, সভাপতিঃ নয়নমণি মালাকাৰ, উপ-সভাপতিঃ ফুকন কলিতা, সাধাৰণ সম্পাদকঃ ঋতুমণি বৰ্মন, সহকাৰী সাধাৰণ সম্পাদকঃ দিপজ্যোতি মজুমদাৰ, মুখ্য সাংগঠনিক সম্পাদকঃ মনজিত কলিতা, সাংগঠনিক সম্পাদকঃ গৌৰৱ দাস, মুখ্য প্ৰচাৰ সম্পাদকঃ বিশ্বজিত শৰ্মা, প্ৰচাৰ সম্পাদকঃ ঋকি দত্তকে ধৰি মুঠ ৩১জনীয়া সমিতি গঠন কৰা হয়।

উক্ত সভাত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথ, সম্পাদক মিঠুন দাস আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃন্ময় তামুলী আদি  উপস্থিত থাকি জিলা সমিতিখন গঠন সংক্রান্তীয় কাম-কাজৰ তদাৰক কৰে।

ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী

You might also like