নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে বদলা ৰাংগাপানীবাসীক

এখন জৰাজীৰ্ণ কাঠৰ দলঙে যাতায়াতৰ নামত জীয়াতু ভোগাইছে কামৰূপৰ ছমৰীয়া সমষ্টিৰ বদলা ৰাংগাপানী অঞ্চলৰ ৰাইজক | বদলা বজাৰ আৰু ই এণ্ড ডি মথাউৰি সংলগ্ন সদাব্যস্ত পথৰ কাঠৰ দলংখন জৰাজীৰ্ণ হোৱাৰ ফলত যাতায়াতত যমৰ যাতনা ভুগিবলগীয়া হৈছে গঞাই |

দলংখন দুৰ্বল হৈ পৰা বাবেই দুয়োমূৰে খুঁটি পুতি বন্ধ কৰি দিয়া হৈছে গধুৰ বাহনৰ আহ-যাহ। চাৰিচকীয়া বাহন কিম্বা জৰুৰী এম্বুলেঞ্চ পৰ্যন্ত পাৰাপাৰ হ’ব নোৱাৰে দলংখনেৰে | দলংখন পকীকৰণৰ বাবে দীৰ্ঘদিনে দাবী জনাই আহিছে।

পিছে আজিকোপতি ৰাইজৰ দাবী শুনোতাহে নোলাল কোনো। স্থানীয় বিধায়কৰ ভূমিকাতো ৰাইজ অসন্তুষ্ট | সেয়ে সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাইজে এগৰাকী যোগ্য প্ৰাৰ্থী বিচাৰে, যিয়ে ৰাইজৰ এনেবোৰ সমস্যাৰ উপৰি সামগ্ৰিক উন্নয়নত দায়বদ্ধ হ’ব |

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩ ফেব্ৰুৱাৰী :

You might also like