নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত জ্বলিল ড্ৰাগছ সহ নিচাযুক্ত সামগ্ৰী

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ: দৰঙৰ মঙ্লদৈ থানাৰ অন্তৰ্গত চেৰেং চাপৰিত আজি জ্বলিল ড্ৰাগছ সহ নিচাযুক্ত বহু সামগ্ৰী। বিগত ৩ বছৰে দৰঙ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী চেৰেং চাপৰিত জ্বলাই দিয়ে প্ৰশাসনে। 

 

এই নিচাযুক্ত সামগ্ৰী জ্বলোৱা কাৰ্যসূচীত উপস্থিত থাকে দৰঙৰ আৰক্ষী অধীক্ষ সুশান্ত বিশ্ব শৰ্মা, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা, স্বাস্থ্য কৰ্মীৰ লগতে একাংশ আৰক্ষীৰ লোক।

 

উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা জিলাখনৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত জব্দ কৰি জ্বলাবলৈ অনা হল-গাঞ্জা ৪৫২ কিলোগ্ৰাম ব্ৰাউন চুগাৰ ৩১গ্ৰাম,হেৰোইন ৭ গ্ৰাম , কফ্ চিৰাপ ৪২৫ বটল ,নেত্ৰচেক টেবলেট ১১০০

 

দৰং জিলাৰ ৬ খনকৈ আৰক্ষী থানা আৰু ৫ খনকৈ আৰক্ষীচকীৰ অন্তৰ্গত ভিন্ন এলেকাত জব্দ কৰিছিল এই নিচাযুক্ত সামগ্ৰী সমূহ ।

 

ইয়াৰ পূৰ্বে ২০১৮ চনত জ্বলোৱা হৈছিল জব্দকৃত নিচা যুক্ত সামগ্ৰী।

You might also like