গোৱালপাৰাত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ দেশৰ গৃহমন্ত্ৰীৰ
এতিয়া অসমত কতো বোমা বাৰুদ নাই, অশান্তি নাই ৷ গৃহ মন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰি কয় যে ৯০ৰ দশকৰ আৰম্ভণিতে মই গোৱালপাৰাত আহিছিলো বিদ্যাৰ্থী পৰিষদৰ নেতৃত্বত হোৱা অসম বাচাও আন্দোলনত৷ পুলিচে তেতিয়া লাঠি চার্জ কৰিছিল।
অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগা বিধানসভা নিৰ্বাচনৰ বাবে ১৫নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভা আৰু পশ্চিম গোৱালপাৰা (জনজাতি) বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পৱিত্ৰ ৰাভাৰ হৈ নিৰ্বাচনী ৰণডংকা বজায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
দুধনৈত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক আদৰিবলৈ আজি পুৱাৰে পৰা সাজু হয় দুধনৈবাসীৰ লগতে বিজেপি তথা মিত্ৰজোঁটৰ সকলো বিষয়ববীয়া তথা নেতা-কর্মী সকল ৷ পোন প্ৰথমবাৰৰ বাবে দেশৰ গৃহমন্ত্ৰী দুধনৈত পদাৰ্পণক লৈ দুধনৈবাসী ৰাইজ উৎফুল্লিত হৈ পৰে।
নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে আজি পুৱাৰে পৰা দুধনৈ সমষ্টি আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা ৰাইজ নিৰ্বাচনী প্ৰচাৰ সভাত দলে-বলে আহি উপস্থিত হয়। দিনৰ প্ৰায় ডেৰ বজাত দুধনৈ মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণৰ আৰম্ভণিতে মা কামাখ্যা দেৱীক সেৱা জনোৱাৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন মঠ মন্দিৰৰ নাম উল্লেখ কৰাৰ উপৰিও কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱা, ডঃ বিৰুবালা ৰাভাক সোঁৱৰণ কৰি গোৱালপাৰা জিলাৰ চাৰিওটা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্রাৰ্থী সকলক ভোট দিয়াৰ বাবে আহ্বান জনায়।
লগতে মঞ্চত থকা বিজেপি মিত্ৰজোঁটৰ দুধনৈ সমষ্টিৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভা আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ প্রাৰ্থী পৱিত্ৰ ৰাভাক ভোট দি জিকাই অনাৰ বাবে আহ্বান জনায়। গৃহমন্ত্ৰী গৰাকীয়ে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত চৰকাৰ বনাই দিয়ক অসমত আমি ইউ চি চি আনিম যাতে তেওঁলোকে চাৰিটাকৈ বিবাহ কৰিব নোৱাৰে।
অৱশ্যে অসমৰ আদিবাসী-ভূমিপুত্ৰ সকলক এই ইউ চি চি ৰ আওতাৰ পৰা বাহিৰত ৰখা হব। ভাষণ প্ৰসংগত অমিত শ্বাহে কয় যে ৰাভা, গাৰো, তিৱা, দেউৰী, মিচিং, ডিমাছা সকলৰ ভাষাক মান্যতা দি প্ৰাথমিক শিক্ষাৰ বাবে প্রাথমিক বিদ্যালয় বনোৱা হব য’ত এই সকল জনগোষ্ঠীৰ ল’ৰা-ছোৱালীয়ে প্ৰাথমিক বিদ্যালয়ত নিজৰ মাতৃভাষা শিকিব পাৰে।
এই কাম বিজেপিয়ে কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গৌৰৱময় অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে অসমৰ বহু অঞ্চলত অবৈধ সন্দেহযুক্ত নাগৰিকে বসতি স্থাপন কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা পাঁচটা বছৰত এক লাখ একৰ ভূমি সেইসকল সন্দেহযুক্ত নাগৰিকৰ পৰা মুক্ত কৰিলে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত সন্দেহযুক্ত নাগৰিকে অবৈধভাৱে ভূমি দখল কৰি আছিল। কিন্তু সেই মাটিখিনিও আমাৰ বিজেপি চৰকাৰে মুক্ত কৰিলে।গৃহমন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছ দলে নিৰ্বাচন খেলিব আহে কিন্তু জনজাতিৰ কল্যাণৰ কথা নকয় ৷ আদিবাসী মহিলাক ৰাষ্ট্ৰপতি নবনায় কিন্তু যি কাম নৰেন্দ্ৰ মোদীয়ে কৰি দেখুৱালে।
আদিবাসী, জনজাতিৰ কলা-সংস্কৃতি, সংগীত- নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ কাম কৰে নৰেন্দ্ৰ মোদীয়ে। অনুপ্ৰবেশকাৰীক বাধা দিবলৈ এনডিএ চৰকাৰে কাম কৰি আছে। তেওঁ ভাষণত কয় যে তৃতীয়বাৰ বিজেপিৰ চৰকাৰ বনাওক।
বিচাৰি বিচাৰি অনুপ্ৰবেশকাৰীক পঠিয়াই দিয়া হব l দুবাৰ চৰকাৰ হল, সময় কিছু কম হল, কিন্তু চিনাক্ত কৰা হৈ গৈছে ৷ এইবাৰ খেদা কাম কৰা হব ৷ ২০১৬ৰ পিছত পৰিবৰ্তন আহে, ২০১৯ৰ পিছত ইয়াত শান্তি আহিল ৷ এতিয়া অসমত কতো বোমা বাৰুদ নাই, অশান্তি নাই ৷ গৃহ মন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰি কয় যে ৯০ৰ দশকৰ আৰম্ভণিতে মই গোৱালপাৰাত আহিছিলো বিদ্যাৰ্থী পৰিষদৰ নেতৃত্বত হোৱা অসম বাচাও আন্দোলনত৷ পুলিচে তেতিয়া লাঠি চার্জ কৰিছিল।
তেতিয়াৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰি কয়- কংগ্ৰেছে অসমৰ সংস্কৃতিৰ বাবে একো কাম নকৰিলে। আমি অসমৰ সংস্কৃতিক আগুৱাই লৈ যাম। এতিয়া অসমত কোনো ধৰণৰ অশান্তি নাই।
নিৰ্বাচনী সভাত টংকেশ্বৰ ৰাভাই কয়- অসমৰ ভিতৰত গোৱালপাৰা জিলা পিছপৰা। কিন্তু জিলাখনৰ সকলো জাতি-জনজাতি, ভূমিপুত্র সকলৰ সমস্যা দূৰীকৰণ কৰিব একমাত্র বিজেপিয়ে। তেওঁ কয় যে ভাৰত স্বাধীন হোৱাৰ পিছত দীৰ্ঘদিন কংগ্ৰেছৰ শাসন আছিল। তেতিয়া কোনো দিনে ভাৰতৰ গৃহমন্ত্ৰী দুধনৈলৈ অহা নাছিল।
কিন্তু আজি গৃহমন্ত্ৰী গৰাকী দুধনৈলৈ আহিল আৰু আমাক আশীৰ্বাদ দিলে। এয়া গৌৰৱৰ কথা। দেশৰ গৃহ মন্ত্ৰী এটা অঞ্চললৈ আহিলে সেই অঞ্চলৰ বাবে এটা সুখৰ বাৰ্তা লৈ আহে। টংকেশ্বৰ ৰাভাই কয় – সুখৰ খবৰ এয়ে যে গোৱালপাৰা জিলাখনত যি অবৈধ নাগৰিকৰ দপদপনি চলিছে তাৰ বাবে আজি গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন আইন অনাৰ কথা উল্লেখ কৰিছে।
নহলে ইয়াৰ খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ সকল নিস্তাৰ নাপাম। বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে গোৱালপাৰা জিলাত বসবাস কৰা ৰাভা জনগোষ্ঠীকে ধৰি যিমান জাতি-জনগোষ্ঠী আছে। তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস আজি গৃহমন্ত্ৰীয়ে ৰাইজৰ আগত দিলে।
তেওঁ কয়- যোৱা পাঁচ বছৰে গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টি কংগ্ৰেছৰ দখলত আছিল। কিন্তু তেওঁলোকে কি কাম কৰিলে সেয়া জিলাবাসী ৰাইজে জ্ঞাত। ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ পূৰ্বে পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ এন ডি এ-ৰ মনোনীত প্ৰাৰ্থী পৱিত্ৰ ৰাভাও ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে আৰু গোৱালপাৰাৰ উন্নয়নৰ বাবে পদুম ফুলৰ ছবিত ভোট প্ৰদান কৰিবৰ বাবে আহ্বান জনায় ।
আজি নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে বিজেপিৰ গোৱালপাৰা জিলা সভাপতি দীপাংক কুমাৰ নাথ, দুধনৈ (জনজাতি) সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী তথা ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, পশ্চিম গোৱালপাৰা (জনজাতি) বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পৱিত্ৰ ৰাভা, দুধনৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা, ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষা অলকা ৰাভা উপস্থিত থাকে।
উল্লেখযোগ্য যে হেলিকপ্টাৰ যোগে দুপৰীয়া আহি দুধনৈত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। দুধনৈ হাইস্কুল খেলপথাৰত হেলিকপ্টাৰ অৱতাৰণ কৰাৰ পিছত দুধনৈ মহাবিদ্যালয় খেলপথাৰত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
নিয়মীয়া বাৰ্তা, দুধনৈ, ৩ এপ্ৰিল