“কংগ্ৰেছ আৰু এ আই ইউ ডি এফে যেতিয়াই সুবিধা পায়,তেতিয়াই ভাৰত আৰু ভাৰতীয় সকলক অপমান কৰি আহিছে৷ এই দল দুটাই অনুপ্ৰৱেশকাৰীসকলক প্ৰশ্ৰয় দি অসমৰ জনবিন্যাস সলনি কৰাৰ চেষ্টা চলাই আহিছে৷ কিন্তু কংগ্ৰেছ আৰু এ আই ইউ ডি এফে এই পৰিকল্পনা এন ডি এ চৰকাৰে কেতিয়াও সফল হবলৈ নিদিয়ে ৷”- এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা হিন্দুত্ববাদী নেতা যোগী আদিত্যনাথৰ৷
বৰপেটা (সংৰক্ষিত) সমষ্টিৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সমৰ্থনত শুকুৰবাৰে বৰপেটা চহৰৰ বিলৰতাৰীহাটীৰ দল্লিদবাৰ পথাৰত আয়োজন কৰা এক নিৰ্ব্বাচনী সভাত প্ৰচাৰ চলাবলৈ আহি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,কংগ্ৰেছ আৰু এ আই ইউ ডি এফে সদায় অসমৰ সংস্কৃতিৰ সৈতে খেলা কৰি আহিছে৷
দল দুটাই অনুপ্ৰৱেশকাৰী আনি ইয়াৰ অসমৰ জনগাঁথনি সলনি কৰাৰ চেষ্টা কৰি আহিছে ৷ এই অনুপ্ৰৱেশকাৰী সকলে অসমৰ মানুহৰ মাটী বাৰী,দোকান,সম্পত্তি কাঢ়ি নিয়াৰ চেষ্টা কৰি আহিছে ৷ অসমৰ সত্বাক নিজৰ দখললৈ নিয়াৰ চেষ্টা কৰি আহিছে ৷ কিন্তু কংগ্ৰেছ আৰু এ আই ইউ ডি এফে এই সপোন এন ডি এ চৰকাৰে কেতিয়াও সফল হবলৈ নিদিয়ে বুলিও মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰে ৷
তেওঁ কয় যে অসম লেণ্ড জেহাদ আৰু লাভ জেহাদৰ ভূমি হবলৈ নিদিওঁ৷ অসম কেতিয়াওঁ অনুপ্ৰৱেশকাৰীৰ আড্ডাস্থলী হব নোৱাৰে৷ এন ডি এ নেতৃত্বাধীন এই ডবল ইঞ্জিন চৰকাৰে প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি অসমৰ পৰা বাহিৰ কৰাৰ ব্যৱস্থা কৰিব৷
ইপিনে, অসম এক পৱিত্ৰ ভূমি বুলি উল্লেখ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,মোৰ সৌভাগ্য যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱ দেৱৰ এই পূণ্যভূমিত উপস্থিত হৈ সেৱা জনাব পাৰিছো। অসমৰ জীৱনৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰ দৰ্শণ কৰিবলে, মা কামাখ্যাৰ পৱিত্ৰ ভূমি, অসমৰ পৱিত্ৰ বৈষ্ণৱ ভুমি বৰপেটাত উপস্থিত হৈ আপোনালোকক সেৱা জনাবলৈ সুযোগ লাভ কৰিছো।
যোগী আদিত্য নাথে ভাষণৰ আৰম্ভণিতে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ গৌৰৱশালী আধ্যাত্মিক আৰু সাংস্কৃতিক পৰম্পৰাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কাৰ্যক আগবঢ়াই নিছে।
শংকৰ মাধৱ গুৰুদুজনাৰ এই পৱিত্ৰ ভূমি মানৱতাৰ ভূমিত পৰিণত হৈছে। অসমৰ এক গৌৰবশালী পৰম্পৰা আছে। এই পৱিত্ৰ অসমভূমিলৈ মানুহ মা কামাখ্যাক দৰ্শন কৰিবলৈ আহে। শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱে অসমক মানবতাৰ ভূমি কৰিছিল।
ভাৰতৰ বৈষ্ণৱ পৰম্পৰাৰে সমৃদ্ধ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এই ভূমিত গুৰুদুজনাক প্ৰণাম কৰিবলৈ আহে৷ অসমৰ জীৱনৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ নৈক দৰ্শন কৰিবলৈ আহে৷ তেওঁ কয় যে,অসমৰ এক গৌৰৱশালী পৰম্পৰা আছে৷ এক ভাৰত,শ্ৰেষ্ঠ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰম্পৰাই বিশেষ ভূমিকা নিৰ্মোহন কৰিছে৷
শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ পৰম্পৰাই এই অসমভূমিক নতুন উচ্চ শিখৰলৈ নি একতা আৰু মানৱতাৰ বাৰ্তা প্ৰৱৰ্তন কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এশিঙীয়া গড়ে অসমৰ নাম বিশ্বৰ মানচিত্ৰত উজলাই ৰাখিছে ৷ তেওঁ আহোম ৰাজত্বকালৰ কথা উল্লেখ কৰি কয় যে,এই অসম ৰাজ্যতে বিদেশী শাসনৰ অৱসান ঘটাই অসমৰ সমৃদ্ধ সংস্কৃতিক এক উচ্চ পৰ্যায়লৈ নি ভাৰতক ৰক্ষা কৰাৰ ক্ষেত্ৰত আহোম ৰজা সকলে বিশেষ ভূমিকা পালন কৰিছিল৷
সেই সময়ৰ আহোমৰ সেনাপতি লাচিত বৰফুকনৰ অদম্য সাহস আৰু বীৰত্বই ভাৰতীয় যুৱশক্তিৰ প্ৰেৰণা যোগাইছে ৷ বিশ্ব বিশ্ৰুত শিল্পী ভূপেন হাজৰিকাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে এই ভূমিতে সংস্কৃতিৰ মহানায়ক ড:ভূপেন হাজৰিকাৰ জন্ম হৈছিল প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এন ডি এৰ চৰকাৰে ২০১৯ চনত ড:ভূপেন হাজৰিকাক ভাৰতৰত্ন দি প্ৰতিভাৰ সন্মান দিছে ৷
এন ডি এ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সদায় ভাৰতৰ সংস্কৃতি,পৰম্পৰাক আগবঢ়াই নিয়াৰ কাম কৰি আছে৷ সুশাসনৰ লক্ষ্য পুৰণ কৰি দেশৰ জনতাক সুৰক্ষা প্ৰদান কৰাৰ লগতে কোনো ভেদভাৱ নোহোৱাকৈ চলোৱা দেশ শাসনৰ লাভ সকলো গৰীৱ,কৃষক,যুৱক আৰু মহিলা সকলে লাভ কৰিছে বুলিও উল্লেখ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷
তেওঁ কয় যে,এন ডি এ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিচতে আজি উত্তৰ পূৰ্ব্বাঞ্চলৰ দ্ৰুত বিকাশ হৈছে৷ পথ,ৰেল,উৰাজাহাজ,জল পৰিবহণ যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়ন হৈছে ৷ আজি অসমত ইঞ্জিনিয়াৰিং কলেজ,মেডিকেল কলেজ,এইমছ,এন আই টি,আই আইটি,আই এম,এই সকলোবোৰ নিৰ্মাণ হৈছে৷
এই সকলোবোৰ এন ডি এ নেতৃত্বাধীন এই ডবল ইঞ্জিন চৰকাৰ থকাৰ বাবেহে সম্ভৱ হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ ইপিনে,নিজৰ ৰাজ্যৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে,উত্তৰ প্ৰদেশত আজি ৯ বছৰ এন ডি এৰ চৰকাৰ চলি আছে ৷ কিন্তু এই ৯ বছৰত আজিলৈ এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই৷
বিজেপি শাসনলৈ অহাৰ পিচতে ৰাজ্যখনত সংঘৰ্ষ,কাৰ্ফিউ,মাফিয়াৰাজ সকলো বন্ধ হৈ গৈছে ৷ ৰাজ্যখনত এতিয়া ডবল ইঞ্জিন চৰকাৰে দ্ৰুত বিকাশৰ কাম আগবঢ়াই লৈ গৈছে ৷ অসমৰ প্ৰসংগত তেও কয যে, আত্মবিশ্বাসেৰে ভৰা এইখন নতুন অসম, য’ত এন ডি এ চৰকাৰৰ অধীনত উন্নয়নৰ গতি আৰু সুশাসনৰ নিশ্চয়তা একেলগে চলে।
বৰপেটা অগপ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ ওপৰত নৰেন্দ্ৰ মোডী, আৰু ভঃ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আছে বুলি মন্তব্য কৰি যোগী আদিত্য নাথে দীপক কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়।
আজিৰ এই বিজয় সংকল্প সমাবেশত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাস, বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাস, বিজেপি নেতা অনিল দাস, অগপৰ জিলা সভাপতি গুনীন্দ্ৰ নাথ দাস, অগপৰ জিলা সম্পাদক চিত্তৰঞ্জন বৰ্মন, ধনজিৎ পাঠক, জিলা বিজেপি নেত্ৰী নিপা কলিতা প্ৰমুখ্যে ভালে সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।
বাৰ্তা ব্যুৰো, বৰপেটা, ৩ এপ্ৰিল