নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ২৩ বছৰত মাত্ৰ ৩১০০জন বাংলাদেশীক বহিষ্কাৰ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্যত সন্দেহযুক্ত বাংলাদেশীৰ অনুপ্রৱেশ দীর্ঘদিন ধৰি এক জ্বলন্ত সমস্যা ৰূপে পৰিগণিত হৈ আহিছে৷ বিদেশী বহিষ্কৰণক লৈ কেইবাবাৰো কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা তথা অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত বিভিন্ন পর্যালোচনা তথা আইনী ব্যৱস্থা গঢ়ি উঠিল যদিও ৰাজ্যখনৰ পৰা বিদেশী বহিষ্কৰণ সম্ভৱ হৈ নুঠিল৷ নানা কাৰিকৰী বাধা তথা আন্তঃৰাষ্ট্রীয় আইনৰ দোহাই দি কেন্দ্র বা ৰাজ্য চৰকাৰে বিদেশী বহিষ্কৰণৰ ক্ষেত্রত সদায়ে পিঠি দি অহা পৰিলক্ষিত হৈছে৷ অতি উদ্বেগজনক বিষয়টো হ’ল যে ২০০২ চনৰ পৰা ২০২৩ চনলৈ অর্থাৎ চলিত বর্ষলৈ মাত্র ৩,১০০জন বিদেশীকহে বহিষ্কাৰ কৰা হৈছে৷ ইয়াৰ বিপৰীতে কিন্তু বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা চিনাক্ত হৈছে ১,৩১,৬৪৯জন বিদেশী৷ বিধানসভাত গৃহ বিভাগে এই উদ্বেগজনক তথ্য দাঙি ধৰে৷ গৃহ বিভাগৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দাখিল কৰা তথ্য অনুসৰি চিনাক্ত হোৱা বিদেশীসকলৰ ভিতৰত ৮,৯০৬জন ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন কৰা হৈছে৷ আজি অসম বিধানসভাৰ প্রথম দিনটোতে বিদেশী বহিষ্কৰণ সন্দর্ভত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা তৰাবিহীন এক প্রশ্ণৰ উত্তৰত গৃহ বিভাগে প্রকাশ কৰা তথ্য অনুসৰি ২০০১ চনত ৫৫১জন, ২০০২ চনত ৩৪২জন, ২০০৩ চনত ৩০৬জন, ২০০৪ চনত ২৬২জন, ২০০৫ চনত ২১৩ চনত, ২০০৬ চনত ১৭১জন, ২০০৭ চনত ১৪৪জন, ২০০৮ চনত ১৭২জন, ২০০৯ চনত ১৭১জন, ২০১০ চনত ১২২জন, ২০১১ চনত ১৫২জন, ২০১২ চনত ৬৬জন, ২০১৩ চনত ২২জন, ২০১৪ চনত ২৪জন, ২০১৫ চনত এজন, ২০১৬ চনত ১৩জন, ২০১৭ চনত ২৬জন, ২০১৮ চনত ৬৫জন, ২০১৯ চনত ৮৭জন, ২০২০ চনত ৬৯জন, ২০২১ চনত ৩৩জন, ২০২২ চনত ৬৩জন আৰু ২০২৩ চনত ২৫জন বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হৈছে৷ আনহাতে, অসম চুক্তিৰ ৫নং দফা সন্দর্ভত বিধানসভাত গৃহ বিভাগে প্রকাশ কৰা তথ্য অনুসৰি অসম চুক্তিৰ ৫নং দফা ৰূপায়ণৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি থকা হৈছে৷ ৫নং দফাৰ জৰিয়তে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ প্রক্রিয়া নহয় বুলি উল্লেখ কৰি চিনাক্তকৰণ আৰু বহিষ্কৰণক এক ধাৰাবাহিক প্রক্রিয়া ৰূপে অভিহিত কৰে গৃহ বিভাগে৷ বিধায়ক অখিল গগৈৰ আন এক প্রশ্ণৰ উত্তৰত গৃহ বিভাগে প্রকাশ কৰা তথ্য অনুসৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা এতিয়া প্রকাশ হোৱা নাই৷ চূড়ান্ত নাগৰিকপঞ্জী প্রকাশৰ কর্তৃত্ব ভাৰতৰ মহাপঞ্জীয়কৰহে আছে বুলিও স্পষ্ট কৰা হয় তথ্যত৷ আনহাতে, ‘কা’ বলৱৎ হ’লে ১৯৭১ চনৰ ২৪ মার্চৰ পাছত কিমানজন বিদেশী নাগৰিকে নাগৰিকত্ব পাব বুলি বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এক প্রশ্ণ সন্দর্ভতো স্পষ্ট কৰি দিয়া হয় যে নাগৰিকত্ব বিষয়টো কেন্দ্রীয় চৰকাৰৰ আওতাত পৰে৷ কেন্দ্রীয় চৰকাৰে ‘কা’ৰ বিধি এতিয়ালৈ প্রস্তুত কৰা নাই৷ আইন অনুসৰি ২০১৪ চনৰ আগেয়ে অহা হিন্দু, শিখ, খ্রীষ্টান আদি সম্প্রদায়ৰ লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে৷ ইফালে, বিধায়ক ৰেকিবুদ্দিন আহমেদৰ আন এক তৰাবিহীন প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই বিধানসভাত দাখিল কৰা তথ্য অনুসৰি বর্তমানৰ ৰাজ্য চৰকাৰৰ কার্যকালত ২০২১ চনৰ মে’ মাহৰ পৰা ২০২৩ চন অর্থাৎ চলিত বর্ষৰ জুলাই মাহলৈকে বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে ১৬,৭৫১জন লোকক বিদেশী ঘোষণা কৰা হৈছে আৰু ১৯২গৰাকী অভিযুক্ত বিদেশী হিচাপে চিনাক্ত কৰা হৈছে৷ ঘোষিত বিদেশীসকলক বিচাৰি উলিয়াবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰি থকা হৈছে আৰু কৰায়ত্ত কৰা বিদেশীসকলক ট্রেনজিট কেম্পত ৰাখি নিজ নিজ দেশলৈ প্রত্যর্পণ কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা হৈছে৷ বর্তমান চৰকাৰৰ কার্যকালত ৯৬জন বিদেশীক নিজ দেশলৈ প্রত্যর্পণ কৰা হৈছে৷ আনহাতে, তথ্যত ইয়াকো উল্লেখ কৰা হৈছে যে বর্তমান অসমত ৯৯,৯৪২সংখ্যক ‘ডি’ ভোটাৰ আছে৷ এতিয়ালৈকে ৰাজ্যত সর্বমুঠ ২,৪৪,১৪৪সংখ্যক ‘ডি’ ভোটাৰৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণৰ গোচৰ তৰা হৈছে৷ বর্তমান ট্রেনজিট কেম্পত ১৫৪গৰাকী পুৰুষ আৰু ৭০গৰাকী মহিলাসহ মুঠ ২২৪গৰাকী বিদেশী নাগৰিকক ৰখা হৈছে৷

You might also like