নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে ওলোৱা ৫০০ টন আৱর্জনা নিষ্কাশনত ব্যর্থ গুৱাহাটী পৌৰ নিগম

বিধ্বস্ত পথত পূতিগন্ধময় আৱর্জনাৰ দ’ম

নিয়মীয়া বাৰ্তা, ১জুলাইঃ  কৃত্রিম বান আৰু ভূমিস্খলনে গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াকৈ হোৱা কৃত্রিম বানত বিধ্বস্ত হ’ল মহানগৰীৰ বিভিন্ন পথ, উপ–পথ৷ ভূমিস্খলনৰ ফলত মহানগৰীৰ বহু অঞ্চলৰ বাসিন্দাই বিগত এপষেক ধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ কৃত্রিম বানৰি পিছতে মহানগৰীত বসবাস কৰা লোকসকলে যাতায়াত, খোৱাপানীকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ জীৱন যাপন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কৃত্রিম বান আৰ ভূমিস্খলনত বিধ্বস্ত মহানগৰবাসীয়ে শেহতীয়াকৈ পূতিগন্ধময় পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে৷

স্মার্টচিটীৰ ৰূপ ল’বলৈ গৈ থকা গুৱাহাটী মহানগৰীত এতিয়া বিভিন্ন পথ, উপ–পথত পৰিলক্ষিত হৈছে আৱর্জনাৰ দ’ম৷ ৰাস্তা–ঘাটৰ বিধ্বস্ত ৰূপ আৰু পথ, উপ–পথৰ আৱর্জনাৰ দ’মে মহানগৰীৰ সৌন্দর্য ম্লান কৰিছে৷ তথাপিও গুৱাহাটী পৌৰ নিগম, জিএমডিএ আৰু বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত আজিলৈকে কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ ফলত মহানগৰীৰ গুৱাহাটী ক্লাব, খাৰঘূলি, উজানবজাৰ, শৰণীয়া, উলুবাৰী, চানমাৰি, বামুণীমৈদাম, বিৰুবাৰী, লাচিতনগৰ, বেহাৰবাৰী, ছয়মাইল আদি অঞ্চলৰ পথ আৰু উপ–পথত কেইবাদিনো ধৰি পৰি ৰৈছে পূতিগন্ধময় আৱর্জনাৰ দ’ম৷ গুৱাহাটী পৌৰ নিগমে আৱর্জনা নিষ্কাশনৰ বাবে ৱার্ডে ৱার্ডে এনজিঅ’ক দায়িত্ব অর্পণ কৰিছে৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষৰ নির্লিপ্তাৰ সুযোগ লৈ এনজিঅ’সমূহে ঘৰে ঘৰে গৈ আৱর্জনা সংগ্রহ নকৰাত উপায়বিহীন হৈ মহানগৰীত বসবাস কৰা একাংশ লোকে পথ, উপ–পথৰ ওপৰতে প্রতিদিনে আৱর্জনা পেলাই আহিছে৷

লক্ষণীয় যে গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৫০০ টন আৱর্জনা ওলায়৷ এই আৱর্জনাবোৰ পেলাবলৈ এতিয়া মহানগৰীত নাই ডাম্পিং গ্রাউণ্ড৷ বৰাগাঁৱত পৌৰ নিগমে ডাম্পিং গ্রাউণ্ড স্থাপন কৰিছে যদিও স্থানীয় ৰাইজে ইয়াৰ বিৰোধিতা কৰি আহিছে৷ ডাম্পিং গ্রাউণ্ডৰ অভাৱত আৰু গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই মহানগৰীৰ পথ, উপ–পথ এতিয়া ডাম্পিং গ্রাউণ্ডলৈ পৰিণত হোৱাৰ উপক্রম ঘটিছে৷ স্মার্টচিটী গুৱাহাটী মহানগৰীৰ পথ, উপ–পথৰ বিধ্বস্ত ৰূপ আৰু আৱর্জনাৰ দ’মে ম্লান কৰা সৌন্দর্য ঘূৰাই আনিবলৈ বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like