নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিয়াজুলী আদৰ্শ সত্ৰত মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামী

যুৱ প্ৰজন্মক উদ্দেশ্য আধ্যাত্মিক পাঠদান অনুষ্ঠান সত্ৰাধিকাৰৰ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ বৈষ্ণৱপ্ৰাণ ভকতৰ বিপুল আদৰণি আৰু অভ্যৰ্থনাৰ মাজেদি আজি চিয়াজুলীত উপস্থিত হয় মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদৰ সভাপতি ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামী। শ্ৰী শ্ৰী বাসুদেৱ আধ্যাত্মিক সেৱা সমিতি অসমৰ উদ্যোগত তথা চিয়াজুলী আদৰ্শ সত্ৰ পৰিচালনা সমিতিৰ আয়োজনত অনুষ্ঠিত হোৱা “যুৱ প্ৰজন্মক উদ্দেশ্য আধ্যাত্মিক পাঠদান অনুষ্ঠান শীৰ্ষক এক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে চিয়াজুলীত উপস্থিত হয় ডেকা সত্ৰাধিকাৰগৰাকী।

ইয়াৰ পিছতেই চিয়াজুলী অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় শতাধিক ৰাইজৰ উপস্থিতিত উপৰোক্ত বিষয়ৰ ওপৰত এক বিস্তৃত বক্তব্য দাঙি ধৰে সত্ৰাধিকাৰ গৰাকীয়ে। চিয়াজুলী আদৰ্শ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি নিত্যানন্দ নায়ক আৰু সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিতুল কৃষ্ণ গোস্বামীৰ নেতৃত্বত আয়োজিত এই অনুষ্ঠানত, অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদৰ সম্পাদক তথা গোলাঘাটৰ মধুমিশ্ৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিপ মণি গোস্বামী, যোৰহাট উৰা সত্ৰৰ সত্ৰাধিকাৰ মুৰলী গোস্বামী আৰু পুণিয়া সত্ৰৰ সত্ৰাধিকাৰ অনন্ত গোস্বামীয়েও অনুষ্ঠানত ভাগ লৈ বক্তব্য প্ৰদান কৰে।

প্ৰেৰক ভূবন গৌতম 

You might also like