নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলম্ব নকৰাকৈ ‘কা’ বাতিল কৰক কেন্দ্রইঃ মাদানি

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছতেই আন এক বিতর্কিত আইন নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বাতিলৰ দাবী দেশজুৰি তীব্রতৰ হৈ উঠিছে৷ বিৰোধী ৰাজনৈতিক দলসমূহে কা বাতিল কৰা দাবী উত্থাপন কৰাৰ সমান্তৰালকৈ বিভিন্ন সংগঠন, নাগৰিক সমাজে কা বাতিলৰ দাবী উত্থাপন কৰিছে৷ জমিয়তৰ মুৰব্বী মৌলানা আছাদ মাদানীয়ে কৃষি আইনৰ লেখীয়াই কাকো বাতিল কৰিবলৈ কেন্দ্রক দাবী জনাইছে৷

এক টুইটযোগে জমিয়তৰ মুৰব্বী মাদানীয়ে কয়– ‘তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ ঘোষণাক স্বাগতম৷ মই কৃষকসকলক অভিনন্দন জনাইছোঁ তেওঁলোকৰ সংগ্রামৰ ক্ষমতা আৰু বলিদানৰ মনোভাবক৷ যাৰ জৰিয়তে কেন্দ্র চৰকাৰ আৰু চৰকাৰৰ পুঁজিপতি বন্ধুৰ শক্তিক পৰাজয় কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে পুনৰ বিবেচনা কৰক আৰু বিলম্ব নকৰাকৈ কা বাতিল কৰক৷’

আনপিনে বি এছ পিৰ আমৰোহৰ সাংসদ কোঁৱৰ ডানিছ আলীয়ে কেন্দ্রীয় চৰকাৰক শীঘ্রেই কা বাতিল কৰিবলৈ দাবী জনাইছে৷ জমিয়তৰ উপৰি মুছলিম সংগঠন দাৰুল উলুম দেওবন্দৰ মুখপাত্র মৌলানা ছুফিয়ান নিজামীয়ে কৃষি আইনৰ দৰেই চৰকাৰক সমাজৰ সংহতি আৰু শান্তিৰ প্রতি লক্ষ্য ৰাখি কা বাতিলৰ দাবী জনাইছে৷ প্রখ্যাত সমাজকর্মী এছ আৰ দাৰা পুৰীয়ে কয় যে দেশৰ জনতাৰ ধাৰণাৰ প্রতি লক্ষ্য ৰাখি মোদী চৰকাৰে শীঘ্রেই কা বাতিল কৰা উচিত৷

উল্লেখ্য যে ২০১৯ চনৰ ১২ ডিচেম্বৰত কাৰ নির্দেশনা জাৰি কৰা হৈছিল আৰু ২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা এই আইনখন বলৱৎ কৰা হৈছে৷

You might also like