নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোড মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেউজকৰণ বঁটা, ২০২০-২১

নিয়মীয়া বাৰ্তা,  ১০ জুনঃ কৰ’না আতংকৰ মাজতে জাগীৰোড বাসীৰ বাবে এটি ভাল খবৰ। সৰ্ব ভাৰতীয় পৰ্যায়ত পুনৰ এবাৰ উজ্বলি উঠিছে জাগীৰোড মহাবিদ্যালয়। ” মহাত্মা গান্ধী নেশ্যনেল কাউন্সিল অব ৰুৰেল এডুকেশ্বন” নামৰ সংস্থাই স্বচ্ছতা কৰ্মসূচী ২০২০-২১ বৰ্ষৰ অধীনত মহাবিদ্যালয় সেউজকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা ‘ৱান ডিষ্ট্ৰিক ৱান গ্ৰীণ চেম্পিয়ন’ বঁটাৰে সন্মানিত হৈছে জাগীৰোড মহাবিদ্যালয়। অসমৰ ১২ খন মহাবিদ্যালয়ৰ ভিতৰত জাগীৰোড মহাবিদ্যালয়ে সৰ্বভাৰতীয় পৰ্যায়ত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।স্বাভাৱিকতে এই খবৰে উৎফুল্লিত কৰি তুলিছে মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ লগতে ছাত্ৰ- ছাত্ৰী সকলক।

উল্লেখ্যযোগ্য যে, ২০১৮ বৰ্ষৰ পৰা এই সন্থাটোৱে দেশৰ বিভিন্ন মহাবিদ্যালয় সমূহৰ মাজত সেউজকৰণ আৰু এই কাৰ্যত শিক্ষক, ছাত্ৰ -ছাত্ৰীৰ ভূমিকাক মূল বিষয়বস্তু হিচাপে লৈ আগবঢ়োৱা ৪০ টা প্ৰশ্নৰ তথ্য ভিত্তিক সৰ্বাধিক উত্তৰ দিওঁতাক প্ৰদান কৰে এই বিশেষ বঁটা। আনহাতে মহাবিদ্যালয় খনে উচ্চ শিক্ষাৰ উত্তৰণৰ সমান্তৰালকৈ সামাজিক আৰু পৰিৱেশৰ সামগ্ৰিক উত্তৰণৰ বাবে জাগীৰোড মহাবিদ্যালয়খনে দায়বদ্ধতাৰে কাম কৰি অহাৰ বাবে এই সফলতা লাভ কৰা বুলি উল্লেখ কৰি জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে এই সফলতাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষকগোট তথা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ শলাগ লয়। তদুপৰি অধ্যক্ষ নেওগে এই বাৰ্তাই সমাজলৈ এটা ইতিবাচক বতৰা কঢ়িয়াই নিব বুলি আশা প্ৰকাশ কৰে।

You might also like