নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সংহতি দিৱস পালন

শ্বহীদ পৰিয়ালক সংস্থাপন প্ৰদানৰ দাবী

নিয়মীয়া বাৰ্তা ১০ জুনঃ  সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি সমগ্ৰ অসমৰ লগতে দুই শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ পবিত্ৰ জন্মস্থান মৰিগাঁৱ জিলাৰ ভোৰবন্ধাটো পালন কৰা হয় ছাত্ৰ সংহতি দিৱস।। উল্লেখযোগ্য যে ১৯৭৪ চনৰ ঐতিহাসিক খাদ্য আন্দোলনত আজিৰ দিনটোতেই মৰিগাঁও জিলাৰ ভূৰবন্ধাত দুজনকৈ কিশোৰ গজেন ইংতি আৰু পুতুল শ‌ইকীয়াই নিৰাপত্তা বাহিনীৰ গুলিৰ আঘাত ত নিথৰ হৈ পৰিছিল। তেতিয়াৰ পৰাই প্ৰতিবছৰে ১০ জুন তাৰিখটো সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে। ভূৰবন্ধা অঞ্চলত প্ৰত্যেক বছৰে ৰাইজৰ ব্যাপক অংশগ্ৰহণৰে সৈতে এই দিৱসটি পালন কৰা হয় যদিও ক’ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ ফলত এই বৰ্ষত অনুষ্টুপীয়াকৈয়ে পালন কৰা হয় ছাত্ৰ সংহতি দিৱস।

ৰাতিপুৱাই পতাকা উত্তোলন কৰে জিলা ছাত্র সন্থাৰ সভাপতি দীপুল কুমাৰ নাথে, শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধীয়ে। শ্বহীদ গজেন ই‌ংতি আৰু পুতুল শ‌ইকীয়াৰ সমাধিতলত বন্তি প্ৰজ্জ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি উৎপল শৰ্মাই। তাৰ পিছতেই শ্বহীদ পৰিয়ালবৰ্গক জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰতিবছৰৰ দৰেই এইবছৰো ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় ভকতসকলৰ দ্বাৰা শ্বহীদদ্বয়ৰ ৰাজহুৱা বাৰ্ষিক শ্ৰাদ্ধভাগৰো আয়োজন কৰা হয়।

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে এক বিবৃতিযোগে কয় যে – ছাত্ৰ সংহতি দিৱসটি জাতিটোৰ স্বাৰ্থত অসমৰ ছাত্ৰ সমাজে ৰাইজক লগত লৈ ঐক্যবদ্ধ সংগ্ৰাম কৰি যোৱাৰ স‌ংকল্প লোৱাৰ দিন। শ্বহীদদ্বয়ৰ আত্মত্যাগে অনাগত প্ৰজন্মক সংগ্ৰাম কৰি যাবলৈ সাহস আৰু অনুপ্ৰেৰণা যোগাই আহিছে, যোগাই যাব। জাতিটোৰ বাবে ত্যাগ কৰা এই শ্বহীদসকলৰ পৰিয়ালবৰ্গক সংস্থাপন দিয়াটো চৰকাৰৰ কৰ্তব্য। ছাত্ৰ সন্থাই শ্বহীদ পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ।

দিৱসটিত অংশলৈ আছুৰ উপসভাপতি উৎপল শৰ্মাই কয় যে – খাদ্য আন্দোলনৰ মূল ধাৰণাটোৱেই আছিল অৰ্থনৈতিক সংস্কাৰৰ ওপৰত প্ৰতিষ্ঠিত। আজিৰ তাৰিখতো অসমত এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ ধাৰণা অত্যন্ত প্ৰাসংগিক। খাদ্য আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ গজেন ইংতি আৰু পুতুল শ‌ইকীয়াৰ ত্যাগ অথলে যাবলৈ দিয়া নহ’ব। অসমত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন এটি আগবঢ়াই নিবলৈ ছাত্ৰ সন্থা প্ৰতিশ্ৰুতিবদ্ধ। উল্লেখ্য যে ছাত্ৰ নেতাগৰাকীয়ে শ্বহীদ পৰিয়াল দুটিৰ সংস্থাপন সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত ল’বলৈ মুখ্যমন্ত্ৰীলৈ ৰাজহুৱা আহ্বান জনায়।

You might also like