পৰ্যটকসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা। অহা ১ মে’ৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত জীপ ছাফাৰি আৰু হাতী ছাফাৰি সাময়িকভাৱে বন্ধ ৰখা হ’ব।
মঙলদৈ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াই জাৰি কৰা এক জাননীৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰা হৈছে। জাননীৰ মতে, পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে এই সেৱাসমূহ পুনৰ জাননী নিদিয়া পৰ্যন্ত বন্ধ থাকিব।
এই সিদ্ধান্ত সাধাৰণতে বৰ্ষা ঋতুৰ আৰম্ভণিৰ পূৰ্বে গ্ৰহণ কৰা হয়, যাতে উদ্যানখনৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰা যায়।
পৰ্যটকসকলক এই সময়ছোৱাত উদ্যানখনলৈ ভ্ৰমণৰ পৰিকল্পনা কৰাৰ আগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
ডিজিটেল ডেস্ক, ৩০ এপ্ৰিল