নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীয়াভৰলী নৈত অবাধ খননকাৰ্য অব্যাহতঃ জীৱকূললৈ ভাবুকি

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ জীয়াভৰলী নৈত এচাম শিল-বালি মাফিয়াই অবৈধভাৱে অবাধ খননকাৰ্য চলাই অহাৰ ফলশ্ৰুতিত নৈপৰীয়া ৰাইজৰ লগতে জীৱকূললৈ ভাবুকিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । অসম সেনা, আছু, আক্ৰাছু, নামেৰী সুৰক্ষা মঞ্চৰ লগতে অঞ্চলটোৰ সচেতন প্ৰকৃতিপ্ৰেমী ৰাইজে কৰা অভিযোগ অনুসৰি , অৰুণাচল প্ৰদেশৰপৰা বৈ অহা জীয়াভৰলী (কামেং ) নৈত এচাম মুষ্টিমেয় শিল-বালি মাফিয়াই স্থানীয় চাৰিদুৱাৰ বনবিভাগক মেনেজ কৰি দীৰ্ঘদিনৰেপৰা দিনে-নিশাই এক্সকেভেটৰ লগাই নৈৰ বুকুত ঠায়ে- ঠায়ে অবৈধভাৱে শিল-বালি খনন কৰি আহিছে ।

লগতে, এনেদৰে খনন কৰা শিল-বালিসমূহ ঘাইপথৰ দাঁতিত, নৈৰ দাঁতিত জমা কৰি পিছত সেইবোৰ বনবিভাগৰ জ্ঞাতসাৰেই ট্ৰাক, ট্ৰেক্টৰ, ডাম্পাৰেৰে বিভিন্ন স্থানলৈ সৰৱৰাহ হৈ আছে । বনবিভাগক হাতৰ মুঠিত ৰখা শিল-বালি মাফিয়াসকলে নৈখনৰ বাৰমাইল, জালি, ভালুকপুং, ঢাৰিকাটি, পালেংগাঁও , উত্তৰ ঢাৰিকাটি আদি অঞ্চলত খননকাৰ্য ধাৰাৱাহিকভাৱে চলাই থকাৰ ফলত জীয়াভৰলী নৈৰ জীৱকূলৰ ব্যাপক ক্ষতিসাধন হোৱাৰ সমান্তৰালভাৱে ক্ষতিগ্ৰস্ত হৈছে নৈপৰীয়া জনবসতিপূৰ্ণ গাঁৱৰ ৰাইজ । এনেদৰে খননকাৰ্য চলাই অহাৰ ফলত জীয়াভৰলী নৈখনে পূৰ্বতকৈ অধিক গৰাখহনীয়াৰ সৃষ্টি কৰাতো বিপাঙত পৰিছে ভূক্তভোগী ৰাইজ ।

নৈখনৰ ওপৰত চলি থকা এনেধৰণৰ অত্যাচাৰৰ বাবে নৈখনে যিকোনো মূহুৰ্ততে গতিপথ সলোৱাৰো উপক্ৰম হৈছে। উল্লেখ্য যে চাৰিদুৱাৰ বনবিভাগে এনেধৰণৰ কাৰ্যসমূহ দেখিও নেদেখাৰ ভাও জুৰাৰ লগতে গাখীৰতে মহৰ খুঁটিৰ লেখীয়াকৈ মানসিকতা পোষণ কৰাহে দেখা গৈছে বুলিও অভিযোগ ৰাইজ, দল-সংগঠনৰ। বনবিভাগৰ ছত্ৰছায়াত জীয়াভৰলীত শিল-বালি খনন চলি থকাৰ পিছতো লি ৰহস্যজনক কাৰণত স্থানীয় আৰু জিলা বনবিভাগে শিল-বালি মাফিয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহয় তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে সংগঠনসমূহে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নৈখনৰ বুকুত হকে-বিহকে খননকাৰ্য চলোৱাৰ বাবে নৈখনে অধিকাংশ ঠাইত সৰ্পিল গতিৰে গৰাখহনীয়াৰে গতি কৰাও দেখা গৈছে। স্থানীয় ৰাইজ, দল-সংগঠনসমূহে অনতিপলমে এই খনন আৰু পৰিৱহণকাৰ্য বন্ধ কৰিবলৈ বনবিভাগক দাবী জনাইছে । আন এক সূত্ৰই অভিযোগ কৰা অনুসৰি চাৰিদুৱাৰ বনবিভাগে শিল-বালি মাফিয়াৰপৰা মাহেকীয়া হিচাপত লাভ কৰে মোটা অংকৰ কমিছন। কমিছনৰ লালসাতে বনবিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে এনে অবৈধ খননৰ বিৰুদ্ধে ।

You might also like