নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনা বৰগোহাঁই

-জয়ন্ত মাধৱ গগৈ

প্রতিগৰাকী সুদক্ষ খেলুৱৈৰ সপোন থাকে অলিম্পিকত নিজ দেশক প্রতিনিধিত্ব কৰাৰ৷ কিছুমানৰ বাবে এই সপোন দিঠক হয় আৰু বহুতৰ বাবে এই সোণালী সপোন কেতিয়াও বাস্তৱত পৰিণত নহয়৷ অলিম্পিয়ান হোৱাৰ সপোন সাৰোগত কৰি ক্রীডা জীৱন আৰম্ভ কৰা লাভলীনাই সঁচাকৈয়ে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল৷ এইদৰেই বিশ্ববাসীৰ সন্মুখত অসম সন্তানৰ দক্ষতা সু–প্রতিষ্ঠিত কৰা লাভলীনাই কিন্তু বক্সিঙৰ গ্ল’ভ্ছ পিন্ধি খেলুৱৈ জীৱন আৰম্ভ কৰা নাছিল৷ লাভলীনাই ক্রীডা জীৱন আৰম্ভ কৰিছিল মুৱাই থাই সমৰকলাৰ জৰিয়তেহে৷ লাভলীনাৰ দুই জ্যেষ্ঠ ভগ্ণী লিচা বৰগোহাঁই আৰু লীমা বৰগোহাঁই দুয়ো ৰাষ্ট্রীয় পর্যায়ৰ কিক্ বক্সাৰ আছিল৷ ঘৰতেই ক্রীডাৰ এক পৰিৱেশ লাভ কৰা লাভলীনায়ো মুৱাই থাই সমৰকলাৰ জৰিয়তে কম দিনৰ ভিতৰতে পাৰদর্শিতা প্রদর্শন কৰি বিশেষজ্ঞৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল যদিও এদিন ভাগ্যৰ চকৰি ঘূৰিছিল লাভলীনা বৰগোহাঁইৰ৷ লাভলীনাই অধ্যয়ন কৰা বৰপথাৰ ছোৱালী হাইসুকলত অনুষ্ঠিত হৈছিল স্প’টছ অথ’ৰিটী অৱ ইণ্ডিয়াৰ খেলুৱৈ বাছনি শিবিৰ৷ ছাই কেন্দ্রত নতুন খেলুৱৈ অন্তর্ভুক্তিৰ বাবে আয়োজন কৰা এই বাছনি শিবিৰত লাভলীনায়ো অংশগ্রহণ কৰিছিল৷
ছাই কেন্দ্রৰ পৰা অহা ক্রীডা বিশেষজ্ঞসকলে গভীৰ পর্যবেক্ষণৰ যোগেদি লাভলীনাৰ প্রতিভা সঠিক চিনাক্ত কৰিছিল আৰু ছাই কেন্দ্রত উচ্চস্তৰৰ প্রশিক্ষণ গ্রহণ কৰিবৰ বাবে বাছনি কৰিছিল৷ বাছনি লাভ কৰিয়েই লাভলীনাই গুৱাহাটী ছাই কেন্দ্রত যোগদান কৰিছিল আৰু ইয়াৰ পিছতেই ৰচিত হৈছিল সহজে ইটোৰ পিছত সিটো অলংঘনীয় ইতিহাস৷ অসমৰ এগৰাকী অন্যতম শ্রেষ্ঠ এন আই এছ বক্সিং প্রশিক্ষক পদুম বডোৰ অতি ডচ্চস্তৰৰ প্রশিক্ষণত কম দিনৰ ভিতৰতে জাগ্রত হৈ উঠিছিল লাভলীনাৰ সুপ্ত বক্সিং প্রতিভা৷ ইয়াৰ পিছতে লাভলীনাই অংশগ্রহণ কৰিছিল ৰাজ্যিক তথা ৰাষ্ট্রীয় স্তৰৰ প্রতিযোগিতাসমূহত৷ ৰাজ্যিক তথা ৰাষ্ট্রীয় স্তৰৰ প্রতিযোগিতাসমূহত দর্শনীয় প্রদর্শন আগবঢ়াই লাভলীনাই হস্তগত কৰিবলৈ ধৰিছিল ইটোৰ পিছত সিটো স্বর্ণপদক৷ নিজা ৱেল্টাৰ ৱেইট শাখাত ৰাজ্যিক তথা নেচনেল চেম্পিয়ন হৈ প্রচুৰ প্রতিভাধৰ বক্সাৰগৰাকীয়ে ইয়াৰ পিছত আমাৰ ৰাষ্ট্রখনক প্রতিনিধিত্ব কৰি আন্তঃৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাত যোগদান কৰাৰ সৌভাগ্য অর্জন কৰিবলৈ ধৰে৷ লাভলীনা বৰগোহাঁয়ে আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাতো চমকপ্রদ ক্রীডাশৈলীৰে প্রতিদ্বন্দ্বীক ধৰাশায়ী কৰি অর্জন কৰিবলৈ সক্ষম হয় সোণ, ৰূপ আৰু ব্রঞ্জকে ধৰি কেইবাটিও আন্তঃৰাষ্ট্রীয় পদক৷
নিজা ৬৯ কিলোগ্রাম শাখাত নেচনেল চেম্পিয়ন লাভলীনাই ২০১৭ চনৰ জুন মাহত আস্তানা নামৰ ঠাইত অনুষ্ঠিত প্রেছিডেণ্ট কাপত ভাৰতক প্রতিনিধিত্বৰে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাখনত লাভলীনাই আকৌ এবাৰ চমকপ্রদ প্রদর্শন আগবঢ়াই হস্তগত কৰবলৈ সক্ষম হৈছিল ব্রঞ্জৰ পদক৷ এইদৰেই অসম জীয়ৰীৰ দক্ষতা আন্তঃৰাষ্ট্রীয় পর্যায়ত উজলাই তোলা লভলীনাই আকৌ একেটা বছৰতে অর্থাৎ ২০১৭ চনৰ নৱেম্বৰত ভিয়েটনামৰ হো–চি–মীন চিটীত আয়োজিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আগৰ দৰেই ব্রঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ উপৰি ১৯৯৭ চনৰ ২ অক্টোবৰত জন্মগ্রহণ কৰা উর্বৰ ক্রীডা মস্তিষ্কৰ বক্সাৰ লাভলীনাই ২০১৮ চনৰ ফেব্রুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়ান অ’পেন আন্তঃৰাষ্ট্রীয় বক্সিঙত চমক সৃষ্টিৰে প্রতিদ্বন্দ্বীক পৰাভূত কৰি নিজা শাখাত চেম্পিয়ন হয়৷ এইদৰেই স্বর্ণপদক জয়েৰে আন্তঃৰাষ্ট্রীয় পর্যায়ত দেশৰ শৌর্য–বীর্য বৃদ্ধি কৰা লাভলীনাই ২০১৮ বর্ষৰ জুন মাহত মংগোলীয়া দেশত অনুষ্ঠিত উলানবাটাৰ কাপত অংশগ্রহণেৰে জয় কৰিবলৈ সক্ষম হয় ৰূপৰ পদক৷ আনহাতে, ২০১৮ বর্ষৰে ছেপ্ঢেম্বৰত পোলেণ্ডত অনুষ্ঠিত ১৩সংখ্যক আন্তঃৰাষ্ট্রীয় চিলেচিয়ান বক্সিং চেম্পিয়নশ্বিপত দৃষ্টিনন্দন ক্রীডাশৈলীৰে প্রতিদ্বন্দ্বীক চেৰ পেলাই ব্রঞ্জৰ পদক আঁজুৰি আনিবলৈ সমর্থ হয়৷
টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ সুযোগ্য কন্যা সন্তান লাভলীনাই ২০১৮ চনত গ’ল্ড কোষ্টত অনুষ্ঠিত কমনৱেল্থ গেমছতো দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল৷ সুযোগৰ সদ্ব্যৱহাৰ কৰি লাভলীনা কোৱার্টাৰ ফাইনেল পর্যন্ত আগবাঢ়িছিল যদিও শেষ ৰক্ষা কৰিব নোৱাৰিলে৷ সেইটো শাখাৰে চেম্পিয়ন ইডনাইটেড কিংডমৰ চেণ্ডী ৰায়ানৰ বিৰুদ্ধে পৰাজিত হৈ লাভলীনাই কোৱার্টাৰ ফাইনেলতে অভিযান সামৰিবলৈ বাধ্য হয়৷ ২০১২ চনৰ পৰা বক্সিং খেলিবলৈ আৰম্ভ কৰা লাভলীনা বৰগোহাঁয়ে ২০১৮ চনৰ নৱেম্বৰত নতুন দিল্লীত আয়োজিতAIBA বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত আমাৰ দেশখনক প্রতিনিধিত্ব কৰে৷ অতি সন্মানীয় প্রতিযোগিতাখনত ৫ ফুট ১০ ইঞ্চি দৈহিক উচ্চতাৰ লাভলীনা আকৌ এবাৰ উজলি উঠি জয় কৰিবলৈ সক্ষম হয় ব্রঞ্জৰ পদক৷ ইয়াৰ পিছৰ পর্যায়তো যুঁজি যুঁজিও অন্তিম মুহূর্তলৈকে ভাগৰি নপৰা অফুৰন্ত ষ্টেমিনাৰ অধিকাৰী লাভলীনাই ২০১৯ বর্ষৰ ৩ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰাছিয়াৰ উলান উডেত অনুষ্ঠিত একে নামৰ প্রতিযোগিতাত অর্থাৎ ৱর্ল্ড ৱ’মেন বক্সিং চেম্পিয়নশ্বিপত আগৰ দৰে ধাৰাবাহিক সফলতা অর্জন কৰি ব্রঞ্জৰ মেডেল জয় কৰিবলৈ সক্ষম হয়৷ এইদৰেই ক্রমাগতভাৱে দুখন ৱর্ল্ড ৱ’মেন বক্সিং চেম্পিয়নশ্বিপত মেডেল লাভ কৰি দেশৰ জয়গান আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত গাবলৈ সক্ষম হোৱা লাভলীনাই চলিত বর্ষত অর্থাৎ ২০২০ বর্ষৰ মার্চ মাহত অনুষ্ঠিত এছিয়া–ওচেনিয়া অলিম্পিক যোগ্যতা অর্জনকাৰী বক্সিং চেম্পিয়নশ্বিপত ডজবেকিস্তানৰ মাফটুনাখন মেলি’ভাক ৫–০ত পোনপটীয়াকৈ পৰাজিত কৰি ৰাজকীয়ভাৱে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰি ইতিহাস ৰচা লাভলীনাই প্রতিযোগিতাখনত ছেমি ফাইনেলপর্যন্ত আগবাঢ়িবলৈ সক্ষম হৈছিল৷ ছেমি ফাইনেলত চীনা প্রতিদ্বন্দ্বী য়াং লিডৰ হাতত নামমাত্র ব্যৱধানত ২–৩ পইণ্টত পৰাজিত হৈ লাভলীনাই জয় কৰে ব্রঞ্জৰ পদক৷
দক্ষতাৰ যোগেদি এইদৰেই অলিম্পিকলৈ যোগ্যতা অর্জন কৰি লাভলীনাই বিশ্ব ক্রীড়াংগণত নিজৰ নাম, ৰাজ্যৰ নাম, ৰাষ্ট্রৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হ’ল৷ এনেদৰেই দেশ আৰু জাতিৰ নাম সমুজ্জ্বল কৰিবলৈ সক্ষম হোৱা লাভলীনা বৰগোহাঁই হৈছে অসমৰ প্রথম আৰু একমাত্র মহিলা খেলুৱৈ, যিয়ে ইতিমধ্যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে৷ ইয়াৰ আগতে পুৰুষ হিচাপে বৰ অসমৰ ডাঃ টালিমেৰন আওৰ লগতে অসমৰ শ্বাটলাৰ দীপাংকৰ ভট্টাচার্য, আর্চাৰ জয়ন্ত তালুকদাৰ, বক্সাৰ শিৱ থাপাই অলিম্পিকত অংশগ্রহণেৰে উজলি ডঠিবলৈ সক্ষম হৈছিল৷
লাভলীনা বৰগোহাঁইৰ এই বর্ণাঢ়্য ক্রীডা সফলতাত দেশৰ অন্যতম শ্রেষ্ঠ বক্সিং প্রশিক্ষক শিৱ সিঙৰ উপৰি অসম এমেচাৰ বক্সিং এছ’চিয়েচনৰ লগতে ভাৰতীয় এমেচাৰ বক্সিং এছ’চিয়েচনৰ যথেষ্ট অৰিহণা আছে৷ অন্তিম মুহূর্তলৈকে যুঁজিও হাৰ মানিব নোখোজা মানসিকতাৰ গৰাকী লাভলীনাৰ সম্প্রতি ৱর্ল্ড ৰেংকিং ৩৷ অফুৰন্ত শাৰীৰিক, মানসিক আৰু বৌদ্ধিক শক্তিৰ অধিকাৰী লভলীনাই টকিঅ’ অলিম্পিকত ইতিহাস ৰচিলে৷ জীৱনত প্রথমবাৰৰ বাবে অলিম্পিকৰ ৰিঙত প্রৱেশ কৰিয়েই অসমীয়াৰ শৌর্য–বীর্য প্রদর্শন কৰি লাভ কৰিলে ব্রঞ্জৰ পদক৷ এইদৰেই বিশ্বৰ সর্বশ্রেষ্ঠ ক্রীডা সমাৰোহখনত অসমৰ খেলুৱৈৰ দক্ষতা প্রদর্শনেৰে চমক খুৱালে জগত সভাক৷
সফল খেলুৱৈৰ বাবে অতি আকাংক্ষিত অলিম্পিকত প্রথমবাৰৰ বাবে অংশগ্রহণ কৰিয়েই পদক জয় কৰা লাভলীনাই আগন্তুক অলিম্পিকসমূহত যে টকিঅ’তকৈ অধিক সফলতা লাভ কৰিব সেয়া নিশ্চিত৷ সম্প্রতি মাথোঁ ২৪ বছৰীয়া লাভলীনাই আগন্তুক দুই অথবা তিনিখন অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰাৰ সম্ভাৱনা বিদ্যমান৷ সময় আগবঢ়াৰ লগে লগেই অধিক অভিজ্ঞতাৰে পুষ্ট হৈ লাভলীনাই যে ইটোৰ পিছত সিটো অলংঘনীয় ইতিহাস ৰচনা কৰিব সেয়া বুকু ডাঠ কৰি ক’ব পাৰি৷ এনে ইতিহাসৰ বাবেই অত্যন্ত আশাবাদী অসম তথা দেশবাসী৷

You might also like