নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্রৰ প্রহাৰত ১৪জন দশম শ্রেণীৰ ছাত্র আহত; ৮ ছাত্রক বহিষ্কাৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: নাৰায়ণপুৰৰ চৌধ্যপুনীয়াস্থিত লখিমপুৰ জৱাহৰ নৱোদয় বিদ্যালয়ত পুনৰ জ্যেষ্ঠ ছাত্রই কনিষ্ঠ ছাত্রক প্রহাৰ কৰাৰ অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে৷ দ্বাদশ শ্রেণীৰ ছাত্রৰ প্রহাৰত দশম শ্রেণীৰ ২৪জন ছাত্র গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ দুটা ম’বাইল ফোন হেৰোৱাক কেন্দ্র কৰি আজি পুৱা দ্বাদশ শ্রেণীৰ ৮জন ছাত্রই দশম শ্রেণীৰ ছাত্রকেইজনক ৰুমলৈ মাতি নি গুৰুলা গুৰুলকৈ প্রহাৰ কৰে৷ বিদ্যালয়খনৰ দ্বাদশ শ্রেণীৰ বাণিজ্য শাখাৰ ছাত্র প্রণৱ পায়েং, ৰবার্ড পেগু, অংকুৰ গগৈ, পলাশ শইকীয়া, বিজ্ঞান শাখাৰ সঞ্জীৱ চান্দী, চিৰঞ্জিৎ গগৈ, প্রাণজ্যোতি পেগু আৰু হিৰণ্ময় গগৈয়ে কনিষ্ঠ ছাত্রকেইজনক প্রহাৰ কৰে৷ দুয়োটা শ্রেণীৰে পৰীক্ষা চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হয়৷ ইয়াৰে গুৰুতৰভাৱে আঘাতপ্রাপ্ত ৩জন ছাত্র চিকিৎসাধীন অৱস্থাত আছে৷ ভুক্তভোগী ছাত্রকেইজনৰ অভিযোগৰ ভিত্তিত বিদ্যালয়ৰ অধ্যক্ষই ঘটনা সন্দর্ভত অনুসন্ধান কৰি ৮জন অভিযুক্ত ছাত্রক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰে যদিও চর্ত সাপেক্ষে পৰীক্ষাত বহাৰ অনুমতি দিয়ে৷ আনহাতে আঘাতপ্রাপ্ত ছাত্রকেইজনৰ অভিভাৱকৰ গোচৰ অনুসৰি ৮জন জ্যেষ্ঠ ছাত্রক আটক কৰিছে৷

You might also like