নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশ্চিহ্ণ হ’ব ঐতিহাসিক ডিব্রুগড় চহৰ! ডিব্রুগড়ত ব্রহ্মপুত্রৰ প্রবল গৰাখহনীয়া

  • সুৰক্ষা বান্ধৰ পৰা কেৱল ১০ মিটাৰ
  • পূজা–অর্চনাৰে শান্ত কৰাৰ প্রচেষ্টা বিশাল ব্রহ্মপুত্রক
  • মুখ্যমন্ত্রী ড০ শর্মাক কাতৰ আহ্বান–ডিব্রুগড় বচাওক 

 

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ: এক অপ্রত্যাশিত ঘটনাহ সমগ্র ডিব্রুগড়বাসীক আতংকিত কৰি তুলিছে৷ কেৱল সিমানেহ নহয়, নিদ্রাহৰণ হৈছে চহৰবাসীৰ৷ যিকোনো মুহূর্ততে ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি থকা ১৮৫ বছৰ পুৰণি ডিব্রুগড় চহৰখন নিশ্চিহ্ণ হৈ যাব পাৰে? ৰক্ষা পৰিব নে ঐতিহ্যৰে পৰিপূর্ণ ডিব্রুগড় চহৰ? এনে কিছুমান প্রশ্নই ডিব্রুগড়বাসীক কালিৰে পৰা শংকিত কৰি তুলিছে৷ ডিব্রুগড় চহৰৰ সুৰক্ষা বান্ধ অর্থাৎ ব্রহ্মপুত্রৰ মথাউৰিটোৱেহ ঐতিহ্যমণ্ডিত বৃহৎ ডিব্রুগডৰ চহৰখনক অতীজৰে পৰা সুৰক্ষা দি আহিছে৷ কেনেবাকৈ এহ মথাউৰি ব্রহ্মপুত্রহ খহাহ দিলেহ পলকতে শেষ হৈ যাব ঐতিহাসিক ডিব্রুগড় চহৰ৷ তাৰেই আতংকত এতিয়া ডিব্রুগড়ৰ ৰাইজ৷ কাৰণ যোৱানিশাৰ পৰা ডিব্রুগড় চহৰৰ পাৰত ভয়ংকৰ খহনীয়া হৈছে৷

বৰলুইতৰ প্রবল খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ডিব্রুগড়ত৷ চহৰখনৰ ৩৭নং ৰাষ্ট্রীয় ঘাহপথৰ কাষৰ তথা গুৰুদ্বাৰৰ পিছফালে কাছাৰীঘাটৰ সমীপত যোৱানিশা ভয়ংকৰ খহনীয়াত জাহ গৈছে প্রায় ১০০ মিটাৰৰো অধিক ভূমি৷ নিশাৰে পৰা প্রতিৰোধ ব্যৱস্থা কৰা হৈছে যদিও ফলপ্রসূ হোৱা নাহ৷ বুঢ়া লুহতৰ প্রবল খহনীয়াত চকুৰ সন্মুখতে উটুৱাহ নিছে এটা এটাকৈ জিঅ’বেগ৷ চহৰখনৰ একমাত্র সুৰক্ষা বান্ধলৈ মাত্র ১০ মিটাৰ দূৰত্বত বুঢ়া লুইতৰ কোবাল সোঁত তথা গৰাখহনীয়াত ত্রস্তমান সকলো৷ সুৰক্ষা বান্ধটো ছিঙিলেই যিকোনো মুহূর্ততে ডিব্রুগড় চহৰলৈ প্রৱেশ কৰিব পাৰে ব্রহ্মপুত্রৰ বিশাল জলধাৰ৷

ডিব্রুগড়ৰ গড়কাপ্ঢানী বিভাগৰ কার্যালয়ৰ একেবাৰে পিছফালেই যোৱানিশাৰে পৰা হৈছে প্রবল খহনীয়া৷ ডিব্রুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু বিধায়ক প্রশান্ত ফুকনে ৰাইজক আশ্বস্ত কৰিছে যে এই খহনীয়া শীঘ্রেই প্রতিৰোধ কৰা হ’ব৷ কিন্তু যেন অপ্রতিৰোদ্ধ মহাবাহু৷ ইতিমধ্যে ডিব্রুগড়ৰ জলসম্পদ বিভাগে মেগা জিঅ’বেগেৰে খহনীয়া প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰিছে যদিও গৰাখহনীয়া প্রতিৰোধ হোৱা নাহ৷ কালি নিশাৰে পৰা হোৱা খহনীয়া আজিও অব্যাহত আছে৷ ব্রহ্মপুত্রৰ মথাউৰিৰ (চহৰৰ সুৰক্ষা বান্ধ) পৰা ঠায়ে ঠায়ে মাত্র ৮–১০ মিটাৰ নিলগত চপৰাচপৰে খহিছে নৈৰ গৰা৷ ডিব্রুগড়ৰ উপায়ুক্ত, বিধায়ক আৰু বিভাগীয় কর্তৃপক্ষই  দিনৰ ভাগত ব্রহ্মপুত্রৰ চাপৰিত জিঅ’বেগত পলস ভর্তি কৰি খহনীয়া অঞ্চলত পেলোৱা পৰিলক্ষিত হয়৷ বিভাগে জি’বেগ, পার্কুপাহন সংস্থাপন কৰিছে যদিও তাতোকৈ বৃহৎ বৃহৎ চপৰা চকুৰ পলকতেহ খহি পৰিছে ব্রহ্মপুত্রৰ বুকুত৷ এনে ভয়াৱহ দৃশ্য দেখি নিশালৈ কি হ’ব ডিব্রুগড়?

বাচিবগৈনে ঐতিহাসিক ডিব্রুগড়? –ডিব্রুগড়বাসীৰ লগতে চৌদিশে এতিয়া মাত্র এই শংকা৷ ব্রহ্মপুত্রৰ এনে তাণ্ডৱ দেখি চহৰৰ পৰীক্ষাত অৱতীর্ণ শিক্ষার্থীয়ে বিনিদ্র ৰজনী কটোৱাৰ লগতে নিজৰ গুৰুত্বপূর্ণ নথি–পত্র নিৰাপদ স্থানত থোৱাৰ যো–জা কৰিছে৷ কোনোৱে মুখ্যমন্ত্রীক কাতৰ অনুৰোধ কৰিছে যে তেওঁৰ হস্তক্ষেপ অবিহনে এহ প্রতিৰোধ সম্ভৱ নহয়৷ সেয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কাতৰ আহ্বান– ‘বচাওক ডিব্রুগডক, আপোনাৰ অবিহনে নিস্তাৰ নাই৷’ ইফালে এহ স্থানতে কেন্দ্রীয় চৰকাৰৰ কোটিটকীয়া শিশু উদ্যানৰ নির্মাণ আৰু কেন্দ্রীয় চৰকাৰৰ দ্বাৰা গঢ়া খহনীয়া প্রতিৰোধ আঁচনিৰ কাম চলি আছে৷ নির্মাণ চলি থকাৰ মাজতে সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াহ উদ্বিগ্ন কৰিছে চহৰবাসীক৷ চহৰখনৰ কাছাৰীঘাটত বৰলুহতৰ খহনীয়াই সুৰক্ষা বান্ধৰ প্রতি তীব্র ভাবুকি৷ হঠাতে হোৱা বৰলুহতৰ খহনীয়াই সুৰক্ষা বান্ধ ছিঙি নিলেহ ডিব্রুগড় চহৰ শেষ হোৱাৰ আশংকা, যাৰ বাবে খোদ বিধায়ক, উপায়ুক্তহ ডিব্রুগড়ৰ গুৰুদ্বাৰৰ পৰা প্রসাদ আনি নদীখনত পূজা দি ব্রহ্মপুত্রক কাকূতি কৰিছে– ৰক্ষা কৰক আমাক৷

লক্ষণীয় যে এই স্থানতেই নবামি ব্রহ্মপুত্র অর্থাৎ ব্রহ্মপুত্রক নমস্কাৰ জনোৱা বিশাল কার্যসূচীও প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সেণোৱালৰ নেতৃত্বত অনুষ্ঠিত হৈছিল৷ এই স্থানতে বহুচর্চিত এক্সপ্রেছ হাহৱে’ৰ জৰীপ কার্যৰ বিশাল উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হৈছিল সর্বানন্দ সেণোৱালৰ নেতৃত্বৰ কালতে৷ কিন্তু যেন ফলপ্রসূ নহ’ল সেহসমূহৰ পৰিকল্পনা৷ ইফালে দিবাং নৈয়ে গতি সলোৱাৰ ফলত ব্রহ্মপুত্রহ সুঁতি সলাহ ডিব্রুগড় চহৰৰ এহ অঞ্চলত প্রচণ্ড গতিত খুন্দা মৰা বুলিও নদী বিশেষজ্ঞসকলে মত পোষণ কৰে৷ ফলত আচৰিত ধৰণে বিগত বহু বছৰ ধৰি এহ অঞ্চল প্রবল খহনীয়াৰ কবলত৷ য’ত এইবাৰ কাল ৰূপ ধাৰণ কৰিলে মহাবাহু ব্রহ্মপুত্রহ৷ কিন্তু জলসম্পাদ বিভাগে কেতিয়াও তিলমাত্রাও গুৰুত্ব প্রদান নকৰাৰ বিভিন্ন অভিযোগৰ লগতে বিয়াগোম বিভাগটোৰ বিষয়াসহ আমোলাৰ বাবে এয়া এক খীৰতী গাহ বুলিও অভিযোগ কৰে৷ উল্লেখ্য যে যোৱা বাৰিষাৰ সময়ত মাহজান অঞ্চলত হোৱা প্রবল গৰাখহনীয়াহ ডিব্রুগড়ৰ লগতে মোহনবাৰী বিমানবন্দৰৰ প্রতিও ভাবুকিৰ সৃষ্টি কৰিছিল যদিও ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রত্যক্ষ হস্তক্ষেপত সেহবাৰলৈ ৰক্ষা পৰিছিল ডিব্রুগড়ৰ লগতে এক বিস্তীর্ণ অঞ্চল৷

You might also like