তিৱা সকলৰ সম্প্ৰীতি উৎসৱ জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ-স্বাক্ষৰ অভিযান
নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ তিৱা সকলৰ সম্প্ৰীতি উৎসৱ জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ-স্বাক্ষৰ অভিযান আৰম্ভ কৰে।জোনবিল মেলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৱে জোনবিল মেলাত এটি অস্থায়ী কাৰ্য্যালয় স্থাপনৰ জৰিয়তে এই স্বাক্ষৰ অভিযান আৰম্ভ কৰে।মেলা প্ৰথম দিনাই জোনবিল মেলা পৰিচালনা সমিতি সম্পাদক জোৰচিং বৰদলৈয়া এই স্বাক্ষৰ অভিযানৰ কাৰ্য্যালয়টি উদ্বোধন কৰে।কাৰ্য্যালয় উদ্বোধন কৰি তেওঁ কয় যে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন মৰিগাঁও জিলা সমিতি এই স্বাক্ষৰ অভিযান কাৰ্যসূচীক সলাগ লোৱা লগতে আমাৰ দেশত জনসংখ্যা ৰোধৰ বাবে এখন কঠোৰ আইন বৰ্ত্তমান প্ৰয়োজন হৈ পৰিছে আৰু চৰকাৰক অতি সোনকালে ইয়াৰ ব্যবস্হা লবলৈ আহ্বান জনায়।পৰবৰ্ত্তী সময়ত চলা এই জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ স্বাক্ষৰ অভিযানত তিৱা স্বায়ত্ত পৰিষদ উপাধ্যক্ষ অংকুৰ ডেউৰীকে ধৰি বহু লোকে সহযোগ কৰে।