নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱ ৰ ২৫১৮ গৰাকী খিলঞ্জীয়া ভূমিহীনক ভূমিপট্টা প্ৰদান

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ  আজি শিৱসাগৰৰ জেৰেঙা পথাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীনসকলক ভূমি পট্টা প্ৰদানৰ কায্যসূচী আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে মৰিগাঁৱতো মৰিগাঁও জিলা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনৰ ১২ বজাৰ পৰা জিলাখনৰ ভূমিহীনক ভূমিপট্টা প্ৰদান কৰা হয়। মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মাই আঁত ধৰা অনুষ্ঠান টিত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাস , আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা, অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱা, জিলা পৰিসদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিটিছ পেগু , মৰিগাঁও ৰাজহ চক্ৰ বিষয়া মুনমী কলিতা আদি বিশিষ্ট ব্যক্তি সকল।

আনহাতে আজিৰ এই সভা খনৰ আঁত ধৰি অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মাই কৈ যে ভূমিৰ অধিকাৰ ৰ পৰা বঞ্চিত খিলঞ্জীয়া নাগৰিক সকলক এই পট্টা প্রদানে যথেষ্ট সকাহ দিব। আনহাতে উপায়ুক্ত লীনা দাসে সকলো ভূমি পট্টা প্ৰাপ্ত সকলক শুভেচ্ছা জনাই । উল্লেখ্য আজিৰ এই সভাখনৰ জৰিয়তে মৰিগাঁও জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ অধীনৰ ২৫১৮ গৰাকী ভূমিহীনক পট্টা প্ৰদান কৰা হয়

You might also like