নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ মৰিগাঁৱ ৰ চেণ্ট ঠেৰেছা স্কুলত উত্তপ্ত পৰিস্থিতি

আৰক্ষী আৰু চি আৰ পি এফ   নিয়োগ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ  আজি ঘোষিত হোৱা হাই স্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে আকাংক্ষিত নম্বৰ লাভ কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি মৰিগাঁও নগৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান চেণ্ট ঠেৰেছা স্কুল ৰ সন্মুখত একাংশ পৰীক্ষাৰ্থী আৰু অভিভাৱকে উত্তপ্ত পৰিস্থিতিৰ  সৃষ্টি কৰে।

উল্লেখ্য এইবাৰ ঘোষিত ফলাফলত বিদ্যালয় খনৰ কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কাংক্ষীত ফলাফল লাভ কৰাৰ পিচতে হতাশ হৈ পৰা অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয় খন ত উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষ ক সাক্ষাৎ কৰাৰ চেষ্টা কৰাৰ সময়ত বিদ্যালয় কৰ্তৃপক্ষই প্ৰৱেশ পথ বন্ধ কৰি দিয়াৰ পিছ্ত কিছু উত্তপ্ত পৰিবেশ সৃষ্টি হৈ।একাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ অভিযোগ মূল্যয়নৰ সময়ত  হোৱা গাফিলটিৰ বাবেই এনে হতাশ জনক ফলাফল লাভ কৰিলে বহু ছাত্ৰ ছাত্ৰীয়ে।

অৱশ্যে ঘটনা সম্পৰ্কে জানিব পাৰি মৰিগাঁৱ ৰ অতিৰিক্ত উপায়ুক্ত  গৰ্গ মোহন দাস  , সহ প্ৰশাসনৰ কেইবাজনো উচ্চ পদস্ত বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আনহাতে এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই বৰ্তমানলৈ কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই।

You might also like