নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ আতিথ্যত আজি মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত অনুষ্ঠিত হৈ যায়। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বিষয়ববীয়া, কাৰ্যনিৰ্বাহক তথা সন্থাৰ অন্তৰ্গত প্ৰতিটো প্ৰেছ ক্লাবৰ সভাপতি/সম্পাদকসকলৰ উপস্থিতিত অনুষ্ঠিত সভাৰ পৌৰহিত্য কৰে সভাপতি অনুজ কলিতাই। জিলাৰ উপ সভাপতি কমল তালুকদাৰ প্ৰাক্তন সভাপতি ড° ঋৃষি দাস, উপ সভাপতি শান্তনু গোস্বামী ন্যাসৰ সভাপতি ৰঞ্জিত দত্ত কৃষ্ণা উপাধ্যায় আদিৰ উপস্থিতিত অনুষ্ঠিত সভাৰ উদ্দেশ্যে বাখ্যা কৰে জিলা সম্পাদক ৰাণাজ্যোতি নেওগে ।সভাৰ আৰম্ভণীতে জিলাৰ সভাপতিসহ নেতৃবৃন্দক মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি পাৰ্থপ্ৰতীম গোস্বামী, উপ সভাপতি সমীৰণ বৰঠাকুৰ আদিয়ে ফুলাম গামোছাৰে আদৰণি জনায়। সভাখনত সন্থাৰ ভৱন নিৰ্মান সম্পৰ্কত আলোচনা কৰি ৩০ নৱেম্বৰত সন্থাৰ ৪৭তম প্ৰতিষ্ঠা দিৱসটি সন্থাৰ তিনিচুকীয়া বৰগুৰিস্থিত চৰকাৰী আৱন্টিত ভূমিত উদযাপন তথা ভৱনৰ আধাৰশিলা স্থাপনৰ সিদ্ধান্ত লোৱা হয়। ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ আতিথ্যত তথা এখনি অসম অৰুণাচল দুইখন প্ৰদেশৰ দলৰ অংশগ্ৰহণেৰে এখনি ফুটবল টুৰ্ণামেন্ট জাগুন প্ৰেছ ক্লাবৰ সৌজন্যত উদযাপনৰ সিদ্ধান্ত লোৱা হয় । সভাখনত সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয় । সভাখনত মনোৰঞ্জন দাস, ৰাতুল কলিতা, বিজয় দত্ত, প্ৰাঞ্জল প্ৰতীম ভূঞা , প্ৰশান্ত চেতিয়া, মনোজ বৰুৱা অনিল শৰ্মা মিন্টু তালুকদাৰ আদিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভা সম্পন্ন

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত অনুষ্ঠিত হৈ যায়। সংস্থাৰ সভাপতি পাৰ্থপ্ৰতীম গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্যে বাখ্যা কৰে উপ-সভাপতি বিকাশ বৰুৱাই। সভাখনত উপস্থিত থাকি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে এটা পৰিয়াল হিচাপে সংগঠনৰ কাম কাজ চলাবলৈ আহ্বান জনায়। সভাখনত সংস্থাৰ সম্পাদক প্ৰশান্ত চেতিয়া, সাংগঠনিক সম্পাদক ফাইজুৰ ৰহমান, কোষাধ্যক্ষ মিঠুন বৰুৱা, কিশান লামা, আব্দুল আলিম, শ্যামল নেওগ, বিকি দাস, জাহিদ খান, অৰুণ ভূঞা আদিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like