নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড, ৪খনকৈ দোকান ভস্মীভূত

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ জুৰীয়াৰ দগাঁৱত পুৱতি নিশা ভয়ংকৰ অগ্নি কাণ্ড৷ জুৰীয়া উন্নয়ন খণ্ডৰ সমীপৰ ব্লক মাৰ্কেটত সংঘটিত হৈছে এই অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত দুখনকৈ বাইক চাৰ্ভিচিং চেণ্টাৰ, জেৰক্স আৰু হোটেলকে ধৰি মুঠ চাৰিখনকৈ দোকান ভস্মীভূত হয় ।

অগ্নিকাণ্ডত প্ৰায় ৩০ লাখ টকাৰ সম্পত্তি জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজে তৎপৰতাৰে অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা নাই ৷ ঘটনাস্থলিত দগাওঁ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

You might also like