নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাল্য বিবাহমুক্ত ভাৰত অভিযান : গুৱাহাটীত কৈলাস সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ উদ্যোগত আলোচনা চক্ৰ

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ উত্তৰ-পূর্বাঞ্চলৰ অসমত বিগত দুবছৰত বাল্য বিবাহৰ হাৰ বৃদ্ধি পাইছে ৷ ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত এই প্ৰথা প্ৰচলিত হৈ আছে । ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত ১৮ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে ২.৬ লাখ বাল্য বিবাহপাশত আবদ্ধ হৈছে ৷যাৰ বাবে বাল্যবিবাহৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ১৫ খন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰে। এই সন্দৰ্ভত শান্তিৰ নোবেল বটাঁ বিজয়ী কৈলাস সত্যৰ্থীৰ শিশু ফাউণ্ডেশ্যনে আজি গুৱাহাটীত তেওঁলোকৰ আগন্তুক “শিশু বিবাহ মুক্ত ভাৰত” অভিযানৰ কথা ঘোষণা কৰে। শিশু সুৰক্ষাৰ ক্ষেত্ৰখনত কাম কৰি থকা সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক একত্ৰিত কৰি বাল্য বিবাহমুক্ত ভাৰতৰ সপোন বাস্তৱ কৰিবলৈ অনুষ্ঠিত হোৱা ৰাজ্যিক পর্যায়ৰ আলোচনাচক্ৰত এই কথা প্ৰকাশ কৰা হৈছে। কৈলাশ সত্যার্থী শিশু ফাউণ্ডেশ্যনে অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সহযোগিতাত এই আলোচনাচক্ৰ খন অনুষ্ঠিত কৰে ৷ ভাৰতক বাল্য বিবাহমুক্ত কৰাৰ বাবে সমগ্ৰ দেশজুৰি এক বহনক্ষম অভিযানৰ বাবে শেহতীয়াকৈ কৈলাস সত্যৰ্থীয়ে আহ্বান জনোৱাৰ পিছতে কৈলাশ সত্যার্থী শিশু ফাউণ্ডেশ্যনে দেশজোৰা আলোচনা আৰম্ভ কৰে। ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰখনত আলোচনা কৰা মূল বিষয়সমূহ আছিল শিশু বিবাহ প্ৰতিৰোধ বিষয়া (চিএমপিঅ’) নিযুক্তি, বাল্যবিবাহৰ ক্ষেত্ৰত বাধ্যতামূলক ভাৱে এজাহাৰ পঞ্জীয়ন আৰু নাবালিকা সন্তানক বিয়া নিদিবলৈ অভিভাৱক সকলক সজাগ কৰা ৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-V (এনএফএইছএইছ ২০১৯-২০২১)ৰ ৰিপৰ্ট অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ২০-২৪ বছৰ বয়সৰ ভিতৰৰ ২৩.৩% মহিলাই ১৮ বছৰ বয়সৰ পূর্বে বিবাহপাশত আবদ্ধ হৈছিল ৷ এই প্ৰসংগতে অসমত বাল্য বিবাহৰ ভয়াৱহ ছবিখন উল্লেখ কৰিব পাৰি ৷ নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো (এন চি আৰ বি) ২০২১ৰ প্ৰতিবেদন অনুসৰি যোৱা ৩ বছৰৰ ভিতৰত ৰাজ্যত বাল্য বিবাহৰ বলি হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আনহাতে, ২০১৫-১৬ চনত ২৬.৮%ৰ পৰা এনএফএইচএছ- V ৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বাল্যবিবাহৰ বলি হোৱা লোকৰ শতকৰা হাৰ ২৩.৩%লৈ হ্ৰাস পাইছে। এনএফএইচএছ- Vৰ তথ্য অনুসৰি ২০১৯-২১ বৰ্ষত অসমত বাল্য বিবাহৰ হাৰ ৩০.৮%ৰ পৰা ৩১.৮%লৈ বৃদ্ধি পাইছে। ৰাজ্যত বাল্য বিবাহৰ ঘটনা বৃদ্ধি পোৱাৰ পটভূমিত এই প্ৰথা বন্ধ কৰাৰ বাবে কঠোৰ সতৰ্কতা আৰু ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। আজি অনুষ্ঠিত আলোচনা চক্ৰখনত বাল্য বিবাহৰ সৈতে জড়িত প্ৰাসংগিক বিষয় আৰু এই কু প্ৰথা বন্ধ কৰাৰ বাবে আইনী ব্যৱস্থাৰ ওপৰত আলোচনা কৰা হয়। আলোচনা কৰা মূল বিষয়সমূহৰ ভিতৰত আছিল উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ বাল্যবিবাহৰ ক্ষেত্ৰত এজাহাৰ বাধ্যতামূলক পঞ্জীয়ন কৰা, শিশুবিবাহক জুভেনাইল জাষ্টিচ (কেয়াৰ এণ্ড প্ৰটেকচন ) আইন আৰু পকছ’ আইনৰ সৈতে সংযোগীকৰণ কৰি অপৰাধীক সেই অনুসৰি শাস্তি প্ৰদান কৰা ৷ ইয়াৰ উপৰিও সমগ্ৰ দেশতে জিলা পৰ্যায়ত শিশু বিবাহ প্ৰতিৰোধ বিষয়া নিযুক্তি আৰু চৰকাৰী বিষয়া সকলক পৰ্যাপ্ত আৰু উপযুক্ত প্ৰশিক্ষণ প্ৰদান তথা অভিভাৱকসকলৰ বাবে সজাগতা সৃষ্টিৰ বিষয়টোগুৰুত্বসহকাৰে আলোচনা কৰা হয় ৷ আলোচনাচক্ৰ খনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য-সচিব এন বৰুৱা, আৰ পি এফৰ আই জি প্ৰমোদ কুমাৰ, উমহিলা আৰু শিশু বিভাগৰ উপ-সঞ্চালক বিনজুমনি দাস, চি ডব্লিউ চিৰ অধ্যক্ষ জিতু দত্ত, এ এছ এল এছ এৰ উপ-সচিব আৰ ব্ৰহ্ম, ডব্লিউ চি ডি-চি আই ডিৰ উপ-সঞ্চালক, গোল্ড গ্ল’বেল অৰ্গেনাইজেচন ফৰ লাইফ ডেভেলপমেণ্টৰ প্ৰতিষ্ঠাপক স্মৃতি ৰেখা বৰা, ৰাজীৱ শৰ্মা আৰু কে এছ চি এফৰ পকছ’ৰ কাৰ্যবাহী সঞ্চালক কে চি জৰ্জ। আলোচনচক্ৰখনত ভাষণপ্ৰদান কৰি ৰাজীব শৰ্মাই কয়, ‘বাল্যবিবাহৰ সন্দৰ্ভত আমি আজি অসমত যি দেখিবলৈ পাইছো সেয়া কেৱল বহু ঘটনাৰ নগণ্যসংখ্যকহে ৷ আমাৰ ৰাজ্যৰ জনজাতীয় সম্প্ৰদায় সমূহত বাল্য বিবাহৰ প্ৰচলন আছে আৰু পৰিস্থিতি অতি ভয়াৱহ ৷ মাতৃৰ মৃত্যুৰ হাৰ (এমএমআৰ)ও অতি উচ্চ। এই পৰিস্থিতি অতি সোনকালে সকলো সংশ্লিষ্ট অংশীদাৰে সামূহিকভাৱে মোকাবিলা কৰাটো প্ৰয়োজন ৷”

You might also like