নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত স্বেচ্ছাসেৱী সংগঠন সাধনাৰ উদ্যোগত ৰক্তদান শিবিৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : ৰঙিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা সাধনাৰ উদ্যোগত জিএমচি হাস্পতাল আৰু ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ সহযোগত আজি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । অসহায় ৰোগী সকলক সহায় কৰাৰ উদ্দেশ্যে আয়োজন কৰা ৰক্তদান শিৱিৰৰ আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ শিৱিৰৰ উদ্বোধন কৰে স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতাই । শিৱিৰত প্ৰায় ২৫ গৰাকী পুৰুষ আৰু মহিলাৰ লগতে এছ এছ বিৰ জোৱানসকলেও ৰক্তদান কৰে । যোগাচাৰ্য জ্যোতিষ কলিতাই আঁত ধৰা উক্ত কাৰ্যসূচীৰ সমান্তৰালভাৱে মধুমেহ আৰু ৰক্তচাপৰ বিনামূলীয়া পৰীক্ষণ কৰা হয়। প্ৰতিগৰাকী ৰক্তদাতাকে ৰঙিয়া অসামৰিক চিকিৎসালয় আৰু উদ্যোক্তা সংস্থাটোৰ ফালৰ পৰা লঘু আহাৰ প্ৰদান কৰা হয় ।

 প্ৰেৰক ফাৰুক হুছেইন

You might also like