নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক কামেশ্বৰ ব্রহ্মক কালিচৰণ ব্রহ্ম বঁটা প্রদান

 নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ গুৰুদেৱ কালিচৰণ ব্রহ্ম কেৱল এজন ধর্ম প্রচাৰকে নাছিল৷ তেওঁ আছিল এজন প্রকৃত সমাজ সংস্কাৰক৷ ১০০ বছৰৰো অধিক পূর্বেই তেওঁ বডো–বডোকে ধৰি সকলো জাতি–জনগোষ্ঠীৰ ৰাইজ যাতে মিলিজুলি বসবাস কৰি এখন শক্তিশালী সমাজ গঢ়ি তোলে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ গতিকে আজিৰ উঠি অহা যুৱ প্রজন্মই গুৰুদেৱৰ আদর্শৰে যাতে অনুৰণিত হয়, তাৰ বাবে যুৱ প্রজন্মক আহ্বান জনাইছেছা৷ –এই মন্তব্য বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৰ৷ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত গুৰুদেৱ কালিচৰণ ব্রহ্ম ড্রাষ্টৰ (জি কে বি টি) উদ্যোগত আৰু নিখিল বডো ছাত্র সন্থাৰ (আবছু) গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সহযোগত গুৰুদেৱ কালিচৰণ ব্রহ্মৰ ১৬২সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, বডো সাহিত্য সভাৰ প্রাক্তন সভাপতি, পদ্মশ্রী ড০ কামেশ্বৰ ব্রহ্মক গুৰুদেৱ কালিচৰণ ব্রহ্মবঁটা প্রদান কৰি এই মন্তব্য কৰে বিটিচিৰ মুৰব্বী প্রমোদ বডোৱে৷ অনুষ্ঠানটোত প্রমোদ বডোৱে কয়– গুৰুদেৱৰ সমাজৰ প্রতি আগবঢ়োৱা অৱদানৰ প্রতি লক্ষ্য ৰাখি এই বছৰৰ পৰা তেওঁৰ ১৮ এপ্রিলৰ জন্মদিনটোত বিটিচি এলেকাত চৰকাৰীভাৱে সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷ অহা বছৰৰ পৰা তেওঁৰ জন্মদিনৰ কার্যসূচী বিটিচিত চৰকাৰীভাৱে পালন কৰা হ’ব বুলি প্রমোদ বডোৱে ব্যক্ত কৰে৷ আনহাতে বন্তি প্রজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় জি কে বি টিৰ সম্পাদক ড০ অজিত বডোৱে আৰু পৌৰোহিত্য কৰে সভাপতি ৰাখেশ্বৰ ব্রহ্মই৷ অনুষ্ঠানত এছ বি ডি এছৰ উপদেষ্টা নিৰঞ্জন ব্রহ্ম, সভাপতি বিদ্যাশ্রী ব্রহ্ম, উপ–সভাপতি খাউডাম বসুমতাৰী, এবছুৰ সভাপতি জলেশ্বৰ ব্রহ্ম, প্রাক্তন সচিবপ্রধান লৰেন্স ইছলাৰী, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সভাপতি মিনিশ্বাৰাং ব্রহ্ম, সাহিত্য অকাডেমিৰ বডো উপদেষ্টা পৰিষদৰ আহ্বায়ক ড০ অনিল বডো, বডো সাহিত্য সভাৰ সভাপতি তৰেণ বডোকে ধৰি বডো সমাজৰ ভালেকেইজন বিশিষ্ট লোক উপস্থিত থাকে৷ আনহাতে বঁটাপ্রাপক ড০ কামেশ্বৰ ব্রহ্ম শাৰীৰিক অসুস্থততাৰ বাবে উপস্থিত থাকিব নোৱাৰাত বঁটা গ্রহণ কৰে জি কে বি টিৰ সহকাৰী সম্পাদক পিয়াৰী মোহন ব্রহ্মই৷ এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক, এখন অংগবস্ত্র, প্রশস্তি পত্র আৰু এটা স্মাৰক৷ ইয়াৰ উপৰি শিশু সাহিত্যৰ বাবে এইবেলি Gothosa Bisombi’ গ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা বাবে ড০ অজিত বডোক অনুষ্ঠানত সম্বর্ধনা জনোৱা হয়৷ উল্লেখ্য যে বিগত বর্ষত বিদ্যাসাগৰ নার্জাৰীক গুৰুদেৱ কালিচৰণ ব্রহ্ম বঁটা প্রদান কৰা হৈছিল৷

You might also like