নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়ৰ হেটট্রিক ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ

 নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ চলিত আই পি এলত জয়ৰ ধাৰা অব্যাহত আছে৷ প্রতিযোগিতাখনৰ দেওবাৰে অনুষ্ঠিত মেচখনত কলকাতা নাইট ৰাইডার্ছক ৩৮ ৰানত পৰাস্ত কৰে৷

মন কৰিবলগীয়া যে আই পি এলৰ ইতিহাসত বাংগালুৰুৱে প্রথমবাৰৰ বাবে প্রথম তিনিওখন মেচত জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে৷ মেচখনত কোহলি বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বাংগালুৰুৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত কলকাতাই নির্ধাৰিত ২০ অ’ভাৰত ৮টা উইকেট হেৰুৱাই ১৬৬ ৰানহে কৰিবলৈ সক্ষম হয়৷

আন্দ্রে ৰাছেলে সর্বাধিক ৩১ ৰান কৰাৰ লগতে অধিনায়ক ইয়ন মৰগানে ২৯, ছাকিব আল হাছানে ২৬ আৰু ৰাহুল ত্রিপাঠীয়ে ২৫ ৰান কৰে৷ বাংগালুৰুৰ হৈ কাঈল জেমিছনে সর্বাধিক তিনিটা, চাহাল আৰু হৰছন উভয়ে দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি এবি ডি ভিলিয়ার্ছৰ ৩৪ বলত বিস্ফোৰক অপৰাজিত ৭৬ আৰু গ্লেন মেক্সৱেলৰ ৭৮ ৰানৰ সহায়ত বাংগালুৰুৱে ৪টা উইকেট হেৰুৱাই ২০৪ ৰান কৰে৷ ডি ভিলিয়ার্ছৰ ইনিংছটোত আছিল ৯টা চাৰি আৰু ৩টা ছয়৷

আনহাতে মেক্সৱেলৰ ৪৯টা বলৰ ইনিংছটোত আছিল ৯টা চাৰি আৰু তিনিটা ছয়৷ অধিনায়ক কোহলিয়ে ৫ আৰু ৰজত পাতিদাৰে ১ ৰান কৰাৰ লগতে পাড়িকালে ২৫ ৰানৰ অৱদান আগবঢ়ায়৷ কলকাতাৰ হৈ বৰুণ চক্রৱর্তীয়ে সর্বাধিক দুটা উইকেট লাভ কৰে৷

উল্লেখ্য যে বাংগালুৰুৱে এতিয়ালৈকে তিনিখন মেচ খেলি ৬ পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষত আছে৷

You might also like