নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খনামুখ অকাবস্তিত পিষ্টল উদ্ধাৰঃ এজন ড্ৰাগছ সৰৱৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ শোণিতপুৰৰ খনামূখৰ অকাবস্তিত যোৱানিশা এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে এটা পিষ্টল উদ্ধাৰ কৰাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত চাৰিদুৱাৰ আৰক্ষীয়ে খনামুখ অকাবস্তিত এটা ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । সৰৱৰাহকাৰীটোৰপৰা আৰক্ষীয়ে এটা ৩. ২ এম এম পিষ্টল জব্দ কৰাৰ লগতে ৬ জাঁই সক্ৰিয় গুলী জব্দ কৰিছে । আটকাধীন ড্ৰাগছ সৰৱৰাহকাৰীটোৰ নাম আকাশ আলি । উল্লেখ্যে যে, আটকাধীন আকাশে উক্ত পিষ্টলটো অলপতে আৰক্ষীয়ে আটক কৰা ৰুহুল আমিন নামৰ ড্ৰাগছ সৰৱৰাহকাৰীটোৱে উক্ত পিষ্টলটো লুকুৱাই ৰাখিবলৈ দিয়া বুলি আৰক্ষীক স্বীকাৰোক্তি প্ৰদান কৰিছে ।

You might also like