নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত ৫টাকৈ ঘৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ লাহৰীঘাটৰ দক্ষিণ চেনীমাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। জুইত ভস্মীভূত ৫টাকৈ পৰিয়ালৰ বাসগৃহ। শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডৰ সময়ত ঘৰত নাছিল কোনো লোক।

অগ্নিকাণ্ডত প্ৰায় ৫লাখ টকাৰ সামগ্ৰী ক্ষতি হোৱা বুলি মন্তব্য কৰে স্থানীয় ৰাইজে। অগ্নিনিৰ্বাপকৰ গাড়ী আহি পোৱাৰ আগতে ভস্মীভূত হয় সকলো সা-সামগ্ৰী। অগ্নিকাণ্ডত কোনোলোক হতাহত হোৱা নাই।

 

You might also like