নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰ পিছপৰি ৰোৱাৰ মূলতে বিপিএফৰ ক’লা শাসন : পীযুষ হাজৰীকা

🎯বাসুগাঁৱত জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মে’ : ২০১৪ চনৰ পৰা বিটিচি বা বিটিআৰত হত্যা-হিংসা নাইকিয়া হৈছে। আজিৰ পৰা ১০ বছৰ আগতে আমি কোনোৱে এই অঞ্চললৈ আহিব পৰা নাছিলো। আপোনালোক এই অঞ্চলত শান্তিৰে বসবাস কৰিব পৰা নাছিল।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিদলী বিধানসভা সমষ্টিৰ বাসুগাঁৱৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত এখন বিশাল জনসভাত ভাষণ দি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ভাষণ তেওঁ কয় যে বাসুগাঁৱৰ পৰা কোনোৱে যদি বঙাইগাঁও লৈ যায়, কোকৰাঝাৰলৈ যায় এই অঞ্চলৰ মানুহে ভয় খাই আছিল যে মোৰ ল’ৰাজন, মোৰ মা, মোৰ দেউতা ঘৰ আহি পাব নে নাপাব। আবেলি ৬ টা বজাৰ পাছত বিটিআৰত কোনো লোকে ঘৰৰ পৰা ওলাব পৰা নাছিল। ঘৰৰ ভিতৰত থাকিও শান্তিৰে থাকিব পৰা নাছিল, নিশা কোনোৱা দুৰ্বৃত্তই আহি গুলীয়াই থৈ যায় নেকি সেই ভয়ে খেদি ফুৰিছিল। বিটিআৰত এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছিল। এই পৰিৱেশৰ সময়ত অসমত কংগ্ৰেছৰ আৰু বিটিআৰত বিপিএফ দলৰ চৰকাৰ আছিল। কিন্তু যোৱা ১০ বছৰত, নৰেন্দ্ৰ মোদী যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হ’ল, সেই দিন ধৰি বিটিআৰত হত্যা-হিংসা-ধৰ্ষণৰ ঘটনা নাইকিয়া হ’ল। আমি সকলোৱে শান্তিত থাকিব পৰা হ’লো। মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে বাসুগাঁৱৰ ব্যৱসায়ী প্ৰতাপ ধনশীল, শিবু সাহা, হাবুল দে আৰু তেওঁৰ পত্নীক আততায়ীয়ে হত্যা কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মুঠতে আমি শান্তিৰে থাকিব পৰা নাছিলো। সকলোৱে ভয়ে ভয়ে দিন কটাইছিলো। কিন্তু আজি বিটিআৰত সেই পৰিৱেশ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিটিআৰত শান্তি ঘূৰি আহিল আৰু সকলো বিদ্ৰোহী সংগঠনে আলোচনাত বহিল। আজি বিটিআৰত কোনো এটা উগ্ৰপন্থী সংগঠন সক্ৰিয়ভাৱে নাই বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে। যিকেইটা বিদ্ৰোহী সংগঠন আছিল সকলোৱে শান্তি চুক্তি কৰিলে আৰু যি দুই এটা সংগঠন আছে তেওঁলোকেও শীঘ্ৰে শান্তি চুক্তি কৰিব বুলি উল্লেখ কৰে। এই কাম নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে শান্তি নহ’লে কেতিয়াও প্ৰগতি নহয়। যদি ইয়াত শান্তি ঘূৰাই অনা নহ’লহেঁতেন, ইয়াত যদি হিংসাৰ পৰিৱেশ থাকিলহেঁতেন, তেন্তে ইয়াত মেডিকেল কলেজ নহ’লহেঁতেন বা বাসুগাঁৱত অভাৰ ব্ৰীজ নহ’লহেঁতেন। মন্ত্ৰীগৰাকীয়ে কয় যে এনেদৰে আমি প্ৰথমে বিটিআৰত শান্তি আনিলো আৰু এতিয়া প্ৰগতিৰ পথত বিটিআৰক লৈ গৈ আছো। এনেদৰে আজি বিটিআৰ অসমৰ ভিতৰতে এখন উন্নত ঠাইত পৰিণত হৈছে বুলি তেওঁ কয়। বিটিআৰত আজি কেবাখনো মেডিকেল কলেজ হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে ৬০ অসম চলাই ৬০ বছৰত অসমত মেডিকেল কলেজ বনাইছিল মাত্ৰ ৬ খন। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ বনাবলৈ সক্ষম হ’ল। তেওঁ কয় যে মেডিকেল কলেজ নহ’লে আমি চিকিৎসক সৃষ্টি কৰিব নোৱাৰো। কংগ্ৰেছে মেডিকেল কলেজ বানাইছিল মাত্ৰ ৬ খন, সেই ৬ খন মেডিকেল কলেজৰ পৰা আমি বছৰত মাত্ৰ ৭২৬ জন চিকিৎসক সৃষ্টি কৰিব পাৰিছিলো। সেয়ে পৰ্যাপ্ত চিকিৎসক নথকাৰ বাবে আমি গাঁওলৈ চিকিৎসক পঠিয়াব পৰা নাছিলো। কিন্তু আজি সেই পৰিৱেশ লাহে লাহে নোহোৱা হ’ল। আজি আমি বছৰত ১৩,৫০ গৰাকী চিকিৎসক সৃষ্টি কৰিব পৰা হ’লো আৰু অহা ৫ বছৰৰ ভিতৰত বছৰত ২৫০০ চিকিৎসক সৃষ্টি কৰিব পাৰিম। এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। কংগ্ৰেছৰ দিনত অসমত বিশ্ববিদ্যালয় আছিল মাত্ৰ ৭ খন। পৰ্যাপ্ত বিশ্ববিদ্যালয় নথকাৰ বাবে আমাৰ দুখীয়া পৰিয়াৰ ল’ৰা-ছোৱালীয়ে উচ্চশিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। তেওঁ কয় যে ৬০ বছৰত কংগ্ৰেছে বিশ্ববিদ্যালয় বনাইছিল মাত্ৰ ৭ খন আৰু আমি ৮ বছৰত বিশ্ববিদ্যালয় বনালো ১৫ খন। গতিকে আমাৰ ল’ৰা-ছোৱালীয়ে অনায়াসে আজি উচ্চশিক্ষা গ্ৰহণ কৰিব পৰা হ’ল। কিয়নো পঢ়া-শুনা নকৰিলে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাযায় আৰু প্ৰতিষ্ঠা লাভ নকৰিলে ঘৰখনৰ ভাল নহয়, জাতিটোৰ ভাল নহয়, দেশখনৰ ভাল নহয়, ৰাজ্যখনৰ ভাল নহয়। সেয়ে পঢ়া-শুনাৰ কাৰণে স্কুল, কলেজ, বিশ্ববিদ্যালয় বনাব লাগিব বুলি তেওঁ মন্তব্য কৰে। কংগ্ৰেছক দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সেই সময়ৰ ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ ছবিখন দাঙি ধৰে। কিন্তু বিজেপি চৰকাৰে ৮ বছৰত ৰাস্তা-ঘাটৰ পয়ালগা ছবিখন সলনি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা এটা সমষ্টিৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে ৫০-৬০ কোটি টকা দিয়াৰ ব্যৱস্থা কৰে। আজি বিটিআৰত এটা এটা সমষ্টিত ৰাস্তা বনাবলৈকে ৫০ কোটি লৈকে টকা আহে, ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ ফাণ্ড সৃষ্টি কৰি বিটিআৰলৈ পুনৰ ৫০০ কোটি টকা দিছে ৰাস্তা আৰু দলং নিৰ্মাণ কৰাৰ বাবে। তেওঁ কয় যে এইদৰে আমি বিটিআৰক আগবঢ়াই লৈ যাব খুজিছো। সভাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত ইন্দিৰা আবাস যোজনাৰ ঘৰ আৰু বৰ্তমান বিজেপি চৰকাৰে আগবঢ়োৱা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনত সকলোতে কেৱল কেলেংকাৰি কেলেংকাৰি হৈছিল। ২ জি কেলেংকাৰি, কমনৱেলথ গেমছ কেলেংকাৰি, সকলোতে কেলেংকাৰি। আৰু সেইখিনি সময়ত অসমত আছিল সূতা-কম্বল দিয়া চৰকাৰ আৰু বিটিআৰত আছিল সূতা-কম্বল অৰ্ডাৰ দিয়া চৰকাৰ বুলি কংগ্ৰেছ-বিপিএফক তীব্ৰ কটাক্ষ কৰে। দুখীয়াক ঘৰ দিয়াৰ নামত কংগ্ৰেছীয়ে টকা খাইছিল, বিভিন্ন দুৰ্নীতি সংঘটিত কৰিছিল বুলি তেওঁ মন্তব্য কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত আমি ১৩ সমষ্টি জিকি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব লাগে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশৰ অৰ্থনীতি ১১ নম্বৰৰ পৰা ৫ নম্বৰ হোৱা বুলি উল্লেখ কৰে। তেওঁ বিপিএফক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিপিএফে ইয়াত কাম নকৰাকৈ টকাবোৰ মাৰি খাইছিল, যাৰ ফলত কোকৰাঝাৰখন যেনেধৰণে আগুৱাই যাব লাগিছিল, তেনেধৰণে আগুৱাব পৰা নাই। বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে আজি কোকৰাঝাৰখন আগুৱাই নগ’ল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই পৰিৱেশ আমি নাইকিয়া কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এই পৰিৱেশ নাইকিয়া কৰিবৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেক দিনাই সাজু। তেওঁ আৰু কয় যে ইউপিপিএলৰ প্ৰমোদ বড়োৰ লগত মিলি আমি বিটিআৰৰ উন্নয়নৰ বাবে একেলগে কাম কৰিছো। গতিকে তেওঁ এটা ভোটো নষ্ট নকৰাকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক টেক্টৰৰ ছবিত ভোট দি বিজয়ী কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। এই সভাত বিধায়ক কমলাখ্যা দে পুৰকায়স্থ, যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, জিলা সভাপতি ৰতন চন্দ্ৰ ৰয় সহিতে মিত্ৰজোঁটৰ বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

You might also like