নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত লাইফ জেকেট পিন্ধিবলৈ পালে যাত্রীয়ে

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ নিমাতীঘাটৰ ভয়ংকৰ দুর্ঘটনাৰ পাছত সৃষ্টি হোৱা ভয়–শংকাৰ মাজতে মাজুলীৰ পৰা নিমাতীঘাটলৈ শুকুৰবাৰে পুনৰ আৰম্ভ হৈছে ফেৰী সেৱা৷ একক ইঞ্জিনচালিত ফেৰীৰ চলাচল বন্ধ কৰাৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কঠোৰ নির্দেশনা অনুসৰি শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা চলিছে ‘এম ভি পানৈ’ নামৰ চৰকাৰী ফেৰী সেৱা৷

বহন ক্ষমতা অনুসৰি ১২০জনীয়া তালিকা প্রস্তুত কৰি নাম ঘোষণা কৰাৰ পাছতহে যাত্রীক ফেৰীত উঠিবলৈ দিয়া হৈছে৷ প্রতিজন যাত্রীয়ে পিন্ধিব লগা হৈছে লাইফ জেকেট৷ টিকট সংগ্রহ কৰাৰ পাছত ফেৰীৰ বহন ক্ষমতা অনুসৰি চাৰিচকীয়া আৰু দুচকীয়া বাহন ফেৰীত নিয়াৰ অনুমতি প্রদান কৰিছে বিভাগে৷

শুকুৰবাৰৰে পৰা ফেৰীত যাবলৈ লোৱা মহিলা, শিশু, ছাত্র–ছাত্রীসহ প্রতিজন যাত্রীকে দিয়া হৈছে একোটাকৈ লাইফ জেকেট৷ ফেৰীত উঠিয়েই যাত্রীসকলে লাইফ জেকেট পিন্ধাৰ পাছত একাংশই সুৰক্ষামূলক এই ব্যৱস্থাৰ শলাগ লয় যদিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগক সমালোচনা কৰি কয় যে এই ব্যৱস্থা চোৰ গ’লে বুদ্ধি আৰু বৰষুণ গ’লে জাপি লোৱাৰ দৰে হৈছে৷ মাজুলীবাসীৰ সকাহ হোৱাকৈ ৰ’ ৰ’ জাহাজখন কর্মক্ষম কৰি চলাচলৰ ব্যৱস্থা কৰাৰ লগতে ৰ’পেক্স সেৱাৰ ব্যৱস্থাৰে মাজুলীবাসীক যাতায়াতৰ উন্নত সুবিধা প্রদানৰ তেওঁলোকে দাবী জনায়৷

ইফালে ৰ’পেক্স ৰ’ব পৰাকৈ মাজুলী–কমলাবাৰী ফেৰী ঘাটত ৰেম্প নির্মাণ কৰাৰ কথা মাজুলী জিলা প্রশাসনৰ বিষয়াই সাংবাদিকৰ আগত মন্তব্য কৰিছিল যদিও বাতৰি লিখা পৰলৈ কমলাবাৰী ঘাটত নতুন ৰেম্প নির্মাণ হোৱা পৰিলক্ষিত নহ’ল৷ আনহাতে কালি পুৱাৰ পৰা চৰকাৰী ফেৰী চলিব বুলি জানি অফলামুখ ঘাটতো যাত্রীসকলে ভিৰ কৰিছিল৷ কিন্তু কোনো চৰকাৰী ফেৰী নাপাই যাত্রীসকলে বোন্দাপৰ দি ঘৰলৈ ঘূৰি যাব লগা হয়৷ অৱশ্যে বহু যাত্রীয়ে জৰুৰীভাৱে ডিব্রুগড় হৈ গাড়ী ভাৰা কৰি যোৰহাটলৈ যায়৷ এই ভুক্তভোগী যাত্রীসকলে অফলামুখ ঘাটত আজিৰে পৰা চৰকাৰী ফেৰীৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে৷

You might also like