নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদূলি মুখত হেঁপাহৰ ভোগালী, গাঁৱে গাঁৱে ভেলাঘৰ নিৰ্মাণৰ চমক

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ মাজত মাথো কেইটামান দিন বাকী। পদূলি মুখত হেঁপাহৰ ভোগালী বিহু। ভোগৰ উৎসৱত ভেলঘৰৰ বাকৰিত লগে ভাগে এসাঁজ খাবলৈ গাঁৱে গাঁৱে চলিছে ব্যাপক প্ৰস্তুতি। অন্যান্য প্ৰান্তৰ দৰে যোৰহাটৰ চৰাই বাঁহী দুলীয়া গাঁৱৰ ৰাইজেও চলাইছে ব্যাপক প্ৰস্তুতি। নৰা বাঁহ বেত আদিৰে নিৰ্মান কৰিছে দিল্লীৰ সংসদ ভৱনৰ আৰ্হিত ভেলা ঘৰ। ভেলঘৰৰ বাকৰিত গাভৰু, বোৱাৰী, বৃদ্ধ বৃদ্ধা সকলোৱে গালে বিহু গীত। গাঁৱৰ ডেকা সকল ব্যস্ত মেজিৰ খৰি কটাত।

ইপিনে ভোগালীক আদৰিবলৈ সমগ্ৰ অসমবাসীৰ লগতে থমকি ৰোৱা নাই জুৰীয়া বাসীও ৷ ঢেকীৰ গুমগুমনিয়ে কপাই তুলিছে জুৰীয়াৰ অসমীয়া গাঁওসমূহ ৷ লকডাউনৰ বাবে ৰঙালী বিহুটি ভালদৰে উদযাপন কৰিব নোৱাৰি ভোগালীকে আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰিবলৈ আগবাঢ়িছে সকলো ৷

 

You might also like