নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাখীৰ বিক্ৰী কৰি কোটিপতি হ’ল এগৰাকী ৬২ বছৰীয়া মহিলাঃ প্ৰতি মাহে উপাৰ্জন কৰে ৩.৫ লাখ টকা

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ তেওঁ কয় কোনো ব্যৱসায় সৰু নহয় আৰু ব্যৱসায়তকৈ ডাঙৰ কোনো ধৰ্ম নাই। বিগত ২০২০ বৰ্ষত যেতিয়া বহু মানুহে নিজৰ চাকৰি হেৰুৱাইছিল আৰু তেওঁলোকৰ ওচৰত কোনো কাম নাছিল, সেই সময়তে বনাচকন্ত জিলাৰ নেভালবেনে এটা নতুন অভিলেখৰ কৃৰ্তিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

৬২ বছৰীয়া নেভালবেনে পশুপালন আৰু গাখীৰ প্ৰস্তুত কৰি এক নতুন ৰেকৰ্ড গঢ়িছিল। ২০২০ চনত, নেভালবেনে ১ কোটি ১০ লাখ টকাৰ গাখীৰ বিক্ৰী কৰি অভিলেখ সৃষ্টি কৰিছিল।

গুজৰাটৰ বনাচকন্ত জিলাৰ নাগানা গাঁৱৰ নেভালবেনে বহু কম টকাৰে পশুপালন ব্যৱসায়ত জড়িত হৈছিল কিন্তু আজি তেওঁৰ ৮০ টা মহ আৰু ৪৫ জনী গাই আছে, যাৰ পৰা প্ৰতিদিনে ১০০০ লিটাৰ গাখীৰ উৎপাদন কৰে।

স্বনিৰ্ভৰযোগ্য নেভালবেন যদিও নিৰক্ষৰ কিন্তু তেওঁৰ অতুলনীয় সামৰ্থ্যৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা কেইবাটাও পুৰস্কাৰ লাভ কৰিছে।

You might also like