নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ শিশু সমাৰোহ আৰম্ভ

বিশেষ বাৰ্তা, ২১ জানুৱাৰীঃ পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩১সংখ্যক শিশু সমাৰোহখনি আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মাজকুৰি লাহিঙৰ সাংস্কৃতিক মঞ্চত আৰম্ভ হৈছে। অঞ্চলটোৰ মাজকুৰিৰ সোনালী মইনা পাৰিজাত, নামনি মাজকুৰিৰ আলোক সন্ধানী মইনা পাৰিজাত, আৰু নকুৰি লাহিঙৰ উদ্দীপ্তজ্যোতি মইনা পাৰিজাতৰ যুটীয়া উদ্যোগত তথা বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগ আৰু আতিথ্যত আয়োজিত এই শিশু সমাৰোহ উদ্দেশ্যে আজি পুৱা সামূহিক চাফাই অভিযান কৰা হয়। তাৰ পাছতে মাজকুৰি সাংস্কৃতিক মঞ্চৰ সোনাৰাম চুতীয়া আৰু সৰুমাই চুতীয়া সোঁৱৰণি স্থায়ী প্রবেশদ্বাৰ উন্মোচন কৰে পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ আজীৱন সদস্য তথা অৱসৰ প্ৰাপ্ত শিক্ষক বোধেশ্বৰ চুতীয়াই। আদৰণি সমিতিয়ে অতিথিসকলক আদৰণি জনোৱাৰ পাছত বন্তি প্ৰজ্বলন কৰে মাজকুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্রধান শিক্ষক ডম্বৰুধৰ বৰুৱাই। গছ পুলি ৰোপণ কাৰ্য্যসূচী মুকলি কৰে বয়োজেষ্ঠ ব্যক্তি নীৰেন্দ্রনাথ শর্মাই। চিনাকি পৰ্বৰ পাছত পতাকা উত্তোলন কৰে নকুৰি উদিপ্তজোতি মইনা পাৰিজাতৰ মইনা শিবানু বড়াই। নায়ক হিচাপে উপস্থিত থাকে মাজকুৰি সোনালী মইনা পাৰিজাতৰ চেমনীয়া গৌৰাঙ্গ বৰুৱা। পুৱা ৯ বজাত পূৱ যোৱহাট আঞ্চলিক মইনা পাৰিজাতৰ প্রতিষ্ঠাপক ‘শিশুপ্রেমী’ ইন্দ্রজীৎ শর্মা আৰু ‘শিশু দৰদী’ তোলন চুতীয়াক শ্রদ্ধাঞ্জলী অর্পণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে পূৱ যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ উপদেষ্টা বিনন্দ দুৱৰাই। লঘু আহাৰ গ্ৰহণ কৰাৰ পিছতে ক্রীড়া শিখা প্ৰজ্বলন কৰে ৰাষ্ট্ৰীয় খেলুৱৈ মুকুল বুঢ়াগোঁহাইয়ে । ইয়াৰ পিছত অনুষ্ঠিত আকৰ্ষণীয় মার্চ পাষ্টৰ অভিবাদন গ্রহণ কৰে যোৰহাট জিলাৰ উপ-আৰক্ষী অধীক্ষক স্মৃতিৰেখা ফুকনে। অধিনায়ক হিচাপে দায়িত্ব পালন কৰে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন তথা পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ক্রীড়া শাখাৰ সভাপতি তোলন গগৈ। আনহাতে স্মৃতিগ্ৰন্থ ‘পাৰিজাত কানন’ উন্মোচন কৰে কাকজান মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ড° ধীৰেণ কলিতাই। ইয়াৰ পিছতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা লগতে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। হস্তশিল্প, বিজ্ঞানৰ নমুনা প্রদর্শন, ক্ৰীড়া- সাহিত্য আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । কাইলৈ ভেশছন প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, সৃজনীমূলক লেখনি প্ৰতিযোগিতা, একক অভিনয়, কুইজ, তৰ্ক আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দুপৰীয়া অনুষ্ঠিত হ’বলগীয়া ‘অনুপ্ৰেৰণা’ শীৰ্ষক অনুষ্ঠানত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, উপন্যাসিক ৰূপম দত্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তি, শিল্পী, সাহিত্যিক আদিয়ে অংশগ্ৰহণ কৰিব। সমূহ কাৰ্য্যসূচীত শিশুপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like