নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাৰ নাওপেটাত গেলানে গেলানে উদ্ধাৰ অবৈধ সুৰা

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰী : তিতাবৰ বৰহোলাৰ নাওপেটা এলেকাত থকা এটা বৃহৎ অবৈধ সুৰাৰ ভাটিত আজি আবেলি আবকাৰী বিভাগে জোৰদাৰ অভিযান চলায়। অভিযানত সুৰা ভাটিটোৰ মজুত থকা বহু পৰিমাণৰ অবৈধ সুৰা উদ্ধাৰ কৰি নষ্ট কৰে আবকাৰী দলটোৱে। ভাটিটোত সুৰা প্ৰস্তুত কৰাৰ অভিযোগত সমীপতে থকা এজন ব্যক্তিক আবকাৰীয়ে আটক কৰি আনে বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে নাওপেটা এলেকাত দীৰ্ঘদিনৰ পৰা এই অবৈধ সুৰাৰ ভাটিটোৱে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিতে অভিযানকাৰী দলটোৱে নাওপেটা এলেকাটোত অনুসন্ধান চলাই চাহ বাগানৰ মাজত গোপনে অব্যাহত থকা সুৰাৰ ভাটিটোৰ তথ্য লাভ কৰে। এনে অভিযানৰ বাবে বৰ্তমান বৰহোলাৰ নাওপেটাবাসীয়ে আবকাৰী বিভাগৰ শলাগ লৈছে।

প্ৰেৰক অজয় শইকীয়া

You might also like