নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত অসম সাহিত্য সভাৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ১৪   ১৪ অক্টোবৰ : অসম সাহিত্য সভাৰ উদ্যোগত নগাওঁ জিলা সাহিত্য সভা আৰু নগাওঁ আঞ্চলিক কাৰ্য্যালয়ৰ সহযোগত আজি নগাওঁ জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন দৰ্শনৰ কথা উল্লেখ কৰি কয়, “লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী যুগদ্ৰষ্টা ব্যক্তি আছিল। বেজবৰুৱাই অসমীয়া ভাষাক লৈ গৌৰৱ অনুভৱ কৰিছিল। আমিও আমাৰ ভাষাক লৈ গৌৰৱ অনুভৱ কৰো। নৱপ্ৰজন্ময়ো আমাৰ ভাষাক লৈ গৌৰৱ অনুভৱ কৰিব লাগিব।”

নগাওঁ কলেজৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে উন্মোচন কৰা অনুষ্ঠানত অধ্যাপিকা ডঃ মঞ্জু লস্কৰে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি কয়, “বেজবৰুৱাৰ চিঠি সমূহ অসমীয়া জাতীয় জীৱনৰ দলিল সদৃশ।” অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভা খনত অসম সাহিত্য সভাৰ ২০১৮-২০২০ বৰ্ষৰ বিশেষ সন্মান হিচাপে প্ৰজ্ঞা ভূষণ সন্মান গৱেষক পণ্ডিত ডঃ নৰেন কলিতাক আৰু উত্তৰ আমেৰিকা শাখা সাহিত্য সভাৰ ডঃ মাইলছ ব্ৰন্সন বঁটা শংকৰী সংস্কৃতিৰ পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰক প্ৰদান কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাওঁ আঞ্চলিক কার্যলায়ৰ সম্পাদক মৃণাল হাজৰিকা, নগাওঁ-মৰিগাঁও-হোজাই জিলা সাহিত্য সভাৰ সভাপতি ক্ৰমে পৰাণ বৰুৱা, প্ৰতাপ হাজৰিকা আৰু ডাঃ চামচুল হক আদিয়ে অংশগ্ৰহণ কৰে।

You might also like