মৰিগাঁৱত পানীত পৰি মৃত্যু ছাত্ৰৰ
নিয়মীয়া বাৰ্তা ২০ জুলাইঃ মৰিগাঁও জিলাৰ দন্দুৰা সাপমাৰীত আজি বিয়লি এজন ছাত্ৰ পানীত পৰি মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকৰ চা বিয়পি পৰে ৷ জানিব পৰা মতে সাপমাৰী গাঁৱৰ অমিয় কুমাৰ নাথ আৰু বীভা দেৱীৰ পুত্ৰ বিকাশ কুমাৰ নাথে(১৯) নিজৰ ঘৰৰে এটা পুখুৰীত হাঁহৰ পোৱালি কেইটা এৰি দি পুখুৰীৰ পাৰতে থকা অৱস্থাত হঠাৎ অতি দ পুখুৰীতোত পৰে ছাত্র জন ৷ পৰিয়ালৰ মানুহে বহু পলমকৈ পানীত পৰা বুলি গম পাই ততাতৈয়াকৈ বিকাশক পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে ছাত্ৰ জন মৃত বুলি ঘোষণা কৰে ৷