আঞ্চলিক জয়ন্ত বৰা মৃত্যু ঘটনাৰ নিজাববীয়া গোচৰ তৰিব মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে By নিয়মীয়া বাৰ্তা On Jun 21, 2020 Share নিয়মীয়া বাৰ্তা, ২১ জুনঃ সেনা-আৰক্ষীৰ জিন্মাত মৃত্যু হোৱা যোৰহাট জিলা সীমান্তৱৰ্তী বালিজানৰ জয়ন্ত বৰাৰ মৃত্যু ঘটনাৰ নিজাববীয়া গোচৰ তৰিব মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে (মাছ)। সংগঠনটোৰ পাঁচজনীয়া এটা প্ৰতিনিধি দলে জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হৈ মাতৃৰ পৰা সবিশেষ তথ্য আৰু সাক্ষ্য গ্ৰহণ কৰি নিজাববীয়াকৈ এক গোচৰ তৰাৰ কথা অৱগত কৰে। ‘মাছ’ৰ দলটোত আছিল কেন্দ্ৰীয় সচিব প্ৰধান প্ৰণৱজ্যোতি চেতিয়া, সচিব লক্ষী প্ৰসাদ ডেকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য মানসজ্যোতি বৰা আৰু দেৱজিত শইকীয়া। জানিব পৰা মতে মাছে ইতিমধ্যে সেনা-আৰক্ষীয়ে চলাই অহা বৰ্বৰতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। Featured Share