নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ভয়াৱহ পথ দুর্ঘটনাত দম্পতীসহ ৮জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ জুনঃ নাৰায়ণপুৰ থানাৰ অন্তর্গত দেওতোলাৰ ৰাষ্ট্রীয় ঘাইপথত শুকুৰবাৰে নিশা প্রায় ৯.১৫ বজাত সংঘটিত শোকাৱহ দুর্ঘটনাত এক দম্পতীৰ মৃত্যু হোৱাৰ লগতে কণমানি পুত্র গুৰুতৰভাৱে আহত হয়৷

গহপুৰৰ ডুবিয়া যোৰহটীয়া গাঁৱৰ মহেশ্বৰ শইকীয়াই পত্নী–পুত্রসহ এ এছ–০১ এ টি–৪৫৭৪ নম্বৰৰ হিৰ’হোণ্ডা গ্লেমাৰ মটৰচাইকেলেৰে নিজ ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন অচিনাক্ত বাহনে মহটিয়াই নিয়ে৷ দুর্ঘটনাটো সংঘটিত কৰিয়েই বাহনখন পলায়ন কৰে৷ নিশা প্রায় ৯.১৫ বজাত সংঘটিত উক্ত দুর্ঘটনাটোত মহেশ্বৰ শইকীয়াৰ পত্নী মিতালী শইকীয়াৰ থিতাতে মৃত্যু হয়৷ গুৰুতৰভাৱে আহত মহেশ্বৰ শইকীয়া আৰু দহবছৰীয়া পুত্রক আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত মৃত্যুঞ্জয় ১০৮ যোগে ততাতৈয়াকৈ ধলপুৰ সামূহিক চিকিৎসালয়লৈ প্রেৰণ কৰে যদিও মহেশ্বৰ শইকীয়াৰ আদবাটতে মৃত্যু হয়৷

  দহবছৰীয়া শিশুটিক নিশাই সংকটজনক অৱস্থাত লখিমপুৰলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পুৱা ডিব্রুগডলৈ প্রেৰণ কৰা হয়৷ নাৰায়ণপুৰৰ চেঙেলীজানৰ মিতালী শইকীয়াৰ পিতৃগৃহৰ পৰা নিশাৰ আহাৰ গ্রহণ কৰি তিনিও ডুবিয়াৰ গৃহাভিমুখে মাত্র এক কিলোমিটাৰ অহাৰ পাছতে উক্ত দুর্ঘটনাটো সংঘটিত হয়৷ মৃত মহেশ্বৰ শইকীয়া জৱাহৰ নৱোদয় বিদ্যালয়ৰ কর্মচাৰী আছিল৷ মহেশ্বৰ শইকীয়াই মাত্র পাঁচ দিন পূর্বেহে অর্থাৎ যোৱা ১৫ জুনত ৰঙিয়াস্থিত কামৰূপ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা নাৰায়ণপুৰস্থিত লখিমপুৰ জৱাহৰ নৱোদয় বিদ্যালয়লৈ বদলিসূত্রে যোগদান কৰিছিল৷

  ইফালে স্থানীয় বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক নোমল বৰুৱায়ো দুর্ভগীয়া পৰিয়ালটোৰ আকস্মিক মৃত্যুত মর্মাহত হৈ তেওঁলোকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে৷ উল্লেখ্য যে লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিস্থিত নৱোদয় বিদ্যালয়ত মহেশ্বৰ শইকীয়া কর্মৰত হৈ আছিল৷

You might also like