নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ বেবেজীয়াৰ প্ৰশান্তক উচ্চ শিক্ষাৰ বাবে সহায়ৰ আহ্বান

বিশেষ বাৰ্তা, ২৩ মেঃ কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ বেবেজীয়া জুৰীয়া নামঘৰৰ সমীপৰ অতি দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মেধাৱী এই ছাত্ৰ জনৰ নাম প্ৰশান্ত বৰা। বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পাঁচটা বিষয়ত লেটাৰ মাৰ্ক পাই প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ যে ছাত্ৰ জনৰ পিতৃ -মাতৃৰ ইতিমধ্যে মৃত্যু হৈছে। পিতৃ -মাতৃৰ অবৰ্তমানত আইটাক দিলিমাই বৰাই ছাত্ৰ জনক অতি‌ কষ্টৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰে‌‌। আইটাকৰ নেৰানপেৰা চেষ্টা আৰু প্ৰশান্তৰ কঠোৰ পৰিশ্ৰমে এই সফলতা আনি দিবলৈ সক্ষম হৈছে।অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এতিয়া সমস্যাৰ হৈছে। অৰ্থনৈতিক সংকটৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ আশা পুহি ৰখা প্ৰশান্ত ঠমকি ল’ব লগা হৈছে। সেয়ে প্ৰশান্তক কোনো সদাশয় লোকৰ সহায়ৰ প্ৰয়োজন। সেয়ে আইটাকে এইক্ষেত্ৰত সকলোৰে পৰা সহায়-সহযোগিতা বিচাৰিছে। স্থানীয় লোকেও ছাত্ৰজনক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সদাশয় লোকৰ সহযোগিতা কামনা কৰিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like