নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মায়া কামাথ সোঁৱৰণী কার্টুন প্রতিযোগিতাত সুমন্ত বৰুৱাৰ প্রথম স্থান

নিয়মীয়া বাৰ্তা, ৩০ মে’:  বিশ্বনাথৰ সু–সন্তান কার্টুনিষ্ট সুমন্ত বৰুৱালৈ আগবঢ়োৱা হৈছে বিশেষ বঁটা৷ বেংগালুৰুৰ ‘ভাৰতীয় কার্টুনিষ্ট প্রতিষ্ঠান’ (ইণ্ডিয়ান ইনষ্টিটিউট অৱ কার্টুনিষ্ট)ৰ দ্বাৰা আয়োজিত ১৪সংখ্যক আন্তর্জাতিক মায়া কামাথ সোঁৱৰণী ৰাজনৈতিক কার্টুন প্রতিযোগিতাৰ ভাৰতীয় শাখাত অসমৰ সুমন্ত বৰুৱাই প্রথম স্থান অধিকাৰ কৰি বঁটাৰ বাবে নির্বাচিত হৈছে৷ এই প্রতিযোগিতাত ভাৰতৰ ১০১গৰাকী আৰু বিদেশৰ ১৪৭গৰাকী কার্টুনিষ্টে অংশগ্রহণ কৰিছিল৷

ভাৰতৰ একমাত্র মহিলা ৰাজনৈতিক কার্টুনিষ্ট মায়া কামাথৰ (১৯৫১–২০০১)  স্মৃতিত মায়া কামাথ স্মৃতি ন্যাসে ইণ্ডিয়ান ইনষ্টিটিউট অৱ কার্টুনিষ্টৰ সহযোগত ২০০৮ চনৰ পৰা বছৰি এই বঁটা প্রদান কৰি আহিছে৷ বছৰটোৰ ভিতৰত বাতৰিকাকত, আলোচনী, ৱেবছাইটত প্রকাশিত ইংৰাজী অথবা যিকোনো ভাৰতীয় ভাষাৰ ৰাজনৈতিক কার্টুন শিল্পীসকলৰ পৰা আহ্বান কৰা হয় আৰু তাৰ মাজৰ পৰা জুৰীয়ে বঁটাৰ বাবে নির্বাচন কৰে৷ এইবাৰ প্রথম স্থানৰ বাবে নির্বাচিত হোৱা বৰুৱাৰ কার্টুনটো জনপ্রিয় অসমীয়া আলোচনী ‘সাতসৰী’ৰ ২০২১ চনৰ জুলাই সংখ্যাত প্রকাশ পাইছিল৷

বিশিষ্ট সাহিত্যিক–সাংবাদিক অনুৰাধা শর্মা পূজাৰী সম্পাদিত ‘সাতসৰী’ৰ ‘নিৰীক্ষণ’ শিতানত ২০০৮ চনৰ পৰা সুমন্ত বৰুৱাৰ বৈজ্ঞানিক আৰু ৰাজনৈতিক কার্টুন প্রকাশ হৈ আছে৷ বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাৰ পুত্র সুমন্ত বৰুৱাই ১৯৯০ৰ দশকৰ ছাত্রাৱস্থাৰ পৰাই বিশেষকৈ বিজ্ঞানভিত্তিক কার্টুন অংকন কৰি আহিছে৷ তেওঁৰ কার্টুন বিজ্ঞান জেউতি আৰু সর্বভাৰতীয় আলোচনী ছায়েন্স ৰিপ’টাৰ, ৰিজ’নেন্স আদিত প্রকাশ পাইছে৷ বেংগালুৰুৰ প্রদর্শনীৰ উপৰি বিদেশতো তেওঁৰ কার্টুন প্রদর্শিত হৈছে৷ তেওঁ বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হোৱা শিশু আৰু চেমনীয়াৰ কার্টুন অংকন কর্মশালা আৰু বিজ্ঞান–সাহিত্যৰ কর্মশালাতো কার্টুন অংকনৰ সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰিছে৷

You might also like