নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা মহৰি-এজন ব্যক্তিৰ অভিযোগ-প্ৰতি অভিযোগেৰে মুখৰ ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ঃ আৰক্ষীৰ হস্তক্ষেপত শাম কাটিল হুলস্থুলৰ

নিয়মীয়া বাৰ্তা, ৩০ মেঃ মাজে সময়েই বিভিন্ন ধৰণৰ অপ্ৰতীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰিৰে বিতৰ্কৰ কেন্দ্ৰবিন্দুত থকা ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত আজি পুনৰায় এক বিতৰ্কিত ঘটনা সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। বিৱৰণি অনুসৰি, আজি দুপৰীয়াৰ পিনে কাৰ্যালয়টোৰ চৌহদত অকষ্মাতে এগৰাকী মহিলা মহৰি আৰু এজন ব্যক্তিৰ মাজত দূৰ্বাদল কাজিয়াৰ সূত্ৰপাত ঘটে। আনকি বাতৰি সংগ্ৰহ কৰিবলৈ সেই স্থানত উপস্থিত হোৱা সাংবাদিকৰ সন্মুখত দুয়োগৰাকীয়ে ইজনে সিজনক দোষাৰোপ কৰি চৰকাৰী কাৰ্যালয়টোৰ চৌহদ মুখৰিত কৰি তোলাও দেখা যায়। জনৈক উমা ঠাকুৰ নামে মহিলা মহৰিগৰাকীয়ে ব্যক্তিজনে তেখেতক থপৰিয়াৰ অভিযোগ অনাৰ বিপৰীতে নিজকে আৰ্শাদ আলী বুলি পৰিচয় দিয়া ব্যক্তিজনে আকৌ ওলোটাই মহৰিগৰাকীৰ বিৰূদ্ধে হে অভিযোগ কৰা পোৱা যায়। ব্যক্তিজনৰ দাৱী, মাটিৰ চিঠা কপি উলিওৱাৰ আবেদন লিখাৰ বাবে প্ৰথমে দুশ আৰু পিছত পুনৰায় পাঁচশ টকাকে দুই কিস্তিত সাতশ টকা দিয়াৰ পিছতো যদিও মহিলা মহৰীগৰাকীয়ে তেখেতৰ কামটো কৰা নাই। আনকি তেখেতৰ অভিযেগ, তেওঁ নহয়; সেই মহিলা মহৰীগৰাকীয়ে হে তেখেতক থপৰিয়াই বুকুত খামোচাট মাৰি ধৰিছিল। ইফালে মহৰিগৰাকীয়ে অভিযোগ ব্যক্তিজনেহে তেখেতক মাৰপিট কৰিছে। এইদৰে দুয়োৰে মাজত তুমুল তৰ্কাতৰ্কি চলি থকাৰ সময়ত আৰক্ষী আহি দুয়ো গৰাকীকে ধুবুৰী সদৰ থানালৈ নিয়াৰ পিছত হে কাৰ্যালয়টোৰ চৌহদত চলি থকা হুলস্থুলীয়া পৰিৱেশৰ ওৰ পৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like