নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ মাকে ম’বাইল ফোন কাঢ়ি নিয়াৰ বাবে এজন কিশোৰে আত্মহত্যা কৰা ঘটনাই সমগ্র জুৰীয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তর্গত আধাখুন্দা গাঁৱত কালি বিয়লি সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা৷ জানিব পৰা মতে, ১৩ বছৰীয়া পুত্র হাফিজুল ইছলামে ম’বাইলত গেম খেলি থাকোঁতে মাকে ম’বাইল ফোনটো কাঢ়ি নিয়ে৷ যাৰ বাবে ক্ষুব্ধ হৈ পৰে হাফিজুল৷ উল্লেখ্য যে হাফিজলে ম’বাইলত ফ্রী ফাইয়াৰ গেম খেলি থকাৰ সময়তে মাকে বিচাৰিছিল ম’বাইলটো৷ কিন্তু ম’বাইল দিব বিচৰা নাছিল কিশোৰজনে৷ তৎসত্ত্বেও ম’বাইলটো মাকে লৈ বজাৰলৈ যোৱাৰ বাবেই আত্মহত্যাৰ পথ বাছি লয় কিশোৰজনে