নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মইনবড়িত বিধায়ক শ্বেৰমান আলীৰ আধাৰশিলা অনুষ্ঠানত উত্তেজনা

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ বাঘবৰ বিধানসভা সমষ্টিৰ কংগ্রেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে মইনবডীৰ পৰা তাৰাকান্দিলৈ যোৱা ৰাস্তা পকীকৰণ কামৰ আধাৰশিলা অনুষ্ঠান চলি থকা সময়ত ৰাইজ আৰু একাংশ কংগ্রেছ কর্মীৰ মাজত তর্কাতর্কি হয়৷ সভা সামৰি শ্বেৰমান আলী আহমেদে উভতি অহাৰ পথত মইনবডী গাঁও পঞ্চায়তৰ একাংশ নির্বাচিত কংগ্রেছী ৱার্ড সদস্যসকলক সভালৈ মাতি আনি অপমান কৰাৰ অভিযোগ তুলি  তেওঁক জবাবদিহি কৰে৷ ফলত এক উত্তেজনাময় পৰিস্থিতিৰ      সৃষ্টি হয়৷ পৰিৱেশ অধিক উত্তপ্ত হোৱালৈ লক্ষ্য কৰি বিধায়কগৰাকীক পৰিৱেশ নিয়ন্ত্রণ কৰিবলৈ একাংশ ৰাইজে আহ্বান জনায়৷ কিন্তু বিধায়কগৰাকীয়ে ওলোটাই মোৰ মানুহে নহয় তোমালোকে অভদ্রামি কৰিছা৷ লগে লগে বিধায়কে অভদ্রামি কৰিছে বুলি ৰাইজে ওলোটাই জবাব দিয়ে৷ পিছত বিধায়কগৰাকীয়ে তেওঁৰ দেহৰক্ষীৰ গাত হাত দিয়াৰ অভিযোগ তুলি মইনবৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ৰফিকুল ইছলাম আৰু আব্দুল লতিফ নামৰ দুজন কংগ্রেছী ৱার্ড সদস্যক গ্রেপ্তাৰ কৰিছে যদিও আন ৪জন আচামী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷ এগৰাকী জনপ্রতিনিধিৰ এই কাণ্ডই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কেইদিনমান আগতে নদীৰ খহনীয়া প্রতিৰোধৰ কামৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাইজৰ ক্ষোভত তিষ্টিব নোৱাৰি আধাৰশিলা স্থাপন নকৰাকৈ উভতি যাবলগীয়া হৈছিল বিধায়ক শ্বেৰমান আলী আহমেদ৷

You might also like