নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটৰ হাটিঙা বিহু অনুষ্ঠানত চাঞ্চল্যকৰ হত্যাকাণ্ড

জামুগুৰিহাটৰ নিকটৱৰ্তী ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত নিশা সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। বিহু অনুষ্ঠান চলি থকা সময়তে খুকুৰিৰে আক্ৰমণ কৰি এজন যুৱকক হত্যা কৰাৰ লগতে আন এজন যুৱকক গুৰুতৰভাৱে আহত কৰাৰ ঘটনা সংঘটিত হয়।

আক্ৰমণত নিহত যুৱকজন ৰঙাচকুৱাৰ লীলা বৰুৱা বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুতৰভাৱে আহত যুৱকজন ৰাকেশ শৰ্মা। আহত ৰাকেশ শৰ্মাক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাৰ পিছতে বিহু সমিতিৰ সদস্যসকলে অভিযুক্ত আক্ৰমণকাৰী ইটাখোলা কেৰাণীপামৰ জয়কান্ত বৰ্মনক আটক কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে।

কি কাৰণত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১১ মে’

You might also like